ETV Bharat / sitara

Lakme Fashion Week ত মেখেলা-চাদৰেৰে জিলিকিল দিব্যা খোচলা কুমাৰ - দিব্যা খোচলা কুমাৰ

পুনৰ এবাৰ অসমীয়া জাতীয় সাজ মেখেলা-চাদৰক বিশ্ব দৰবাৰত উজ্বলাই তুলিলে ডিজাইনাৰ সংযুক্তা দত্তই ৷ এইবাৰ সংযুক্তাই ডিজাইন কৰা কাপোৰ পৰিধান কৰি ৰেম্পত কেটৱাক কৰা দেখা গ’ল দিব্যা খোচলা কুমাৰক ৷

Lakme Fashion Week: divya klhosla kumar walking in the ramp wearing sanjukta duttas design
সংযুক্তা দত্তৰ চিকি মিকিৰ সাজত দিব্যা খোচলা কুমাৰ
author img

By

Published : Oct 11, 2021, 12:34 PM IST

নিউজ ডেস্ক, 11 অক্টোবৰ : পুনৰ এবাৰ অসমীয়া সাজ-পোছাক জিলিকিল বিশ্ব দৰবাৰত ৷ অসমৰ ডিজাইনাৰ সংযুক্তা দত্তৰ শেহতীয়া কালেকছন চিকি-মিকিৰ সাজ পৰিধান কৰি ৰেম্পত ৱাক কৰা দেখা গ’ল বলীউডৰ অভিনেত্ৰী দিব্যা খোচলা কুমাৰক ৷ মুম্বাইত অনুষ্ঠিত হোৱা লেকমি ফেশ্বন উইকৰ শ্ব’জ টপাৰ হিচাপে ৰেম্পত ভূমুকি মাৰে দিব্যাই ৷ সেই সময়ত দিব্যাৰ সৈতে ৰেম্পত উপস্থিত আছিল অসম সন্তান তথা ডিজাইনাৰ সংযুক্তা দত্ত ৷

Lakme Fashion Week: divya klhosla kumar walking in the ramp wearing sanjukta duttas design
সংযুক্তা দত্তৰ চিকি মিকিৰ সাজত দিব্যা খোচলা কুমাৰ

মুম্বাইৰ Jio Garden ত অনুষ্ঠিত FDCI X Lakme Fashion Week ত সংযুক্তা দত্তই শেহতীয়া কালেকছন 'Chiki-Miki' প্ৰদৰ্শন কৰে ৷ উল্লেখ্য যে, "চিকি-মিকি"ৰ অৰ্থ হৈছে জিলিকি থকা আৰু উজ্জ্বল ৷

ইয়াৰ পূৰ্বেও ডিজাইনাৰ গৰাকীয়ে প্ৰস্তুত কৰা সাজ পৰিধান কৰি ৰেম্পত খোজ দিছিল বলীউডৰ আগশাৰীৰ বহু কেইগৰাকী অভিনেত্ৰীয়ে ৷ পূৰ্বতেও দিব্যা খোচলা কুমাৰে সংযুক্তা দত্তই প্ৰস্তুত কৰা মেখেলা-চাদৰ পৰিধান কৰি ৰেম্পত খোজ দিছিল ৷

এই সন্দৰ্ভত অসমীয়া ডিজাইনাৰগৰাকীয়ে কয় যে, দিব্যাৰ সৈতে কাম কৰি তেওঁ যথেষ্ঠ সুখী ৷ এয়াই নতুন নতুন কাম কৰিবলৈ যথেষ্ঠ উৎসাহিত কৰে বুলি দত্তই মন্তব্য কৰে ৷ উল্লেখ্য যে, ডিজাইনাৰগৰাকীৰ কালেকছন পৰিধান কৰি সকলো মডেলে ৰেম্পত খোজ দিয়াৰ সময়ত বেক গ্ৰাউণ্ডত অসমীয়া সংগীত বাজি আছিল ৷

লগতে পঢ়ক : ৭৯ বছৰীয়া ওপজা দিনত অমিতাভ বচ্চনৰ ট্ৰেণ্ডি লুক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.