চিটাৰা ডেস্ক, ১২ মাৰ্চ: বলীউড অভিনেত্ৰী কৃতি সেননে শুকুৰবাৰে ইনষ্টাগ্ৰামত নিজৰ আহিবলগীয়া ছবি 'আদিপুৰুষ'ৰ সকলো কলা-কুশলীৰ সৈতে এখনি ফটো শ্বেয়াৰ কৰে । ছবিখনত দক্ষিণৰ অভিনেতা প্ৰভাসৰ উপৰিও চৈইফ আলী খান, প্ৰভাস আৰু চানী সিঙে অভিনয় কৰিছে ।
- " class="align-text-top noRightClick twitterSection" data="
">
জনপ্ৰিয় ছবি 'দিলৱালে'ত অভিনয় কৰা কৃতি সেননে শুকুৰবাৰে ইনষ্টাগ্ৰামত ‘এক নতুন যাত্ৰা আৰম্ভ’ বুলি কেপশ্চন লিখি ফটোখন শ্বেয়াৰ কৰিছিল । কৃতি সেননে পৰিচালক ওম ৰাৱট, প্ৰভাসৰ সৈতে প'জ দি ফটোখন শ্বেয়াৰ কৰে ।
ইয়াৰ পাচতে একেখন ফটো প্ৰভাসেও তেওঁৰ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰে । কৃতিয়ে ছবিখনত সীতাৰ চৰিত্ৰত অভিনয় কৰিব বুলি জানিব পৰা গৈছে । লগতে প্ৰভাসে ৰামৰ চৰিত্ৰত আৰু চানী লক্ষ্মণৰ চৰিত্ৰত অভিনয় কৰিব ।
- " class="align-text-top noRightClick twitterSection" data="
">
ইফালে ছবিখনৰ মুখ্য তাৰকা চৈইফ আলী খানে ৰাৱণৰ চৰিত্ৰত অভিনয় কৰিব । ছবিখনৰ প্ৰযোজনা ফেব্ৰুৱাৰীত আৰম্ভ কৰিছিল আৰু ২০২২ চনৰ ১১ আগষ্টত এই ছবিখন মুক্তি পাব বুলি ধাৰণা কৰা হৈছে । বিগত বৰ্ষৰ ব্লকবাষ্টাৰৰ 'তানাজী: দ্যা আনচুং ৱেৰিয়ৰ'ৰ পাছত ওম ৰাৱটৰ নতুন পৰিচালনা কৰা ছবি 'অদিপুৰুষ' । ভূষণ কুমাৰ, ওম, প্ৰসাদ সুতাৰ আৰু ৰাজেশ নায়াৰৰ দ্বাৰা প্ৰযোজিত ছবিখন হিন্দী, তেলেগু, তামিল, মালায়ালম আৰু কানাড়া ভাষাত মুক্তিলাভ কৰিব ।