চিটাৰা ডেস্ক, 2 আগষ্ট: অভিনেতা সুশান্ত সিং ৰাজপুতৰ অন্তিম সৎকাৰত উপস্থিত নাছিল সুশান্তৰ প্ৰাক্তন প্ৰেয়সী অভিনেত্ৰী অংকিতা লোখণ্ডে ৷ সুশান্তৰ বিদায় মূহুৰ্তত উপস্থিত নথকা সন্দৰ্ভত মুখ খুলিছে অংকিতাই ৷ লগতে চ’ছিয়েল মিডিয়াত ভাইৰেল হোৱা ফটোৱে কিদৰে তেওঁক প্ৰভাৱিত কৰিছে, সেই সম্পৰ্কেও মন্তব্য দিয়ে অংকিতা লোখণ্ডেই ৷
এক সাক্ষাৎকাৰযোগে অংকিতাই কয় যে, ‘‘এগৰাকী সাংবাদিকে মোক ফোন কৰি কৈছিল যে অংকিতা সুশান্তে আত্মহত্যা কৰিছে আৰু তাৰ পাচতে মই যেন শেষ হৈ পৰিছিলো ৷ মই তেওঁৰ অন্তিম সৎকাৰত নোযোৱাৰ সিদ্ধান্ত লৈছিলো, কিয়নো তেওঁক সেই অৱস্থাত চোৱাতো মোৰ বাবে সহজ নহয়’’ ৷
অৱশ্যে অন্তিম সৎকাৰৰ পাচত অংকিতাক সুশান্তৰ বাসগৃহত প্ৰত্যক্ষ কৰা হৈছিল আৰু সুশান্তৰ পৰিয়ালক দেখা সাক্ষাৎ কৰিছিল ৷
চ’ছিয়েল মিডিয়াত ভাইৰেল হোৱা সুশান্তৰ ফটোসমূহ দেখি তেওঁ অশান্তি অনুভৱ কৰিছিল ৷ ইয়াৰোপৰি, এই ফটোসমূহে সুশান্তৰ পৰিয়ালৰ সদস্যৰ মনতো অশান্তিৰ সৃষ্টি কৰিব পাৰে বুলি অংকিতাই দুখ প্ৰকাশ কৰে ৷
সুশান্তৰ মানসিক অশান্তি সন্দৰ্ভত অংকিতাই জানিবলৈ দিয়ে যে, ‘‘সুশান্ত কেতিয়াও উদাস মনৰ নাছিল ৷ তেওঁ সৰু সৰু বস্তুতে সুখ বিচাৰি পাইছিল ৷ আনকি তেওঁ গুলাব জামুন খাইও আনন্দ উপভোগ কৰিছিল ৷ তেওঁৰ বাবে টকা-পইছা কেতিয়াও এক এজেণ্ডা নাছিল ৷ তেওঁ যিমানখিনি আয়ত্ব কৰিছিল, তাত তেওঁৰ আন্তৰিকতা লুকাই আছিল ৷ সফলতা বা বিফলতাই কেতিয়াও সুশান্তক প্ৰভাৱিত কৰা নাছিল’’ ৷
লগতে পঢ়ক : COVID-19 টুইষ্টৰ সৈতে ঈদৰ শুভকামনা জনালে চুপাৰষ্টাৰ চলমান খানে