ETV Bharat / sitara

কিয়াৰা আদৱানী ট্ৰ'লৰ সন্মুখীন হ'লে কি কৰে পিতৃ-মাতৃয়ে ?

author img

By

Published : Aug 24, 2021, 1:16 PM IST

যিকোনো বিষয়ক লৈ বলীউড তাৰকাসকল প্ৰায়েই ট্ৰ'লৰ সন্মুখীন হয় । অনুৰাগীৰ নেতিবাচক মন্তব্যই স্বাভাৱিকতে মানসিক অশান্তি দিয়ে তাৰকাসকলক । সেয়ে, আন বহু তাৰকাৰ দৰে কিয়াৰা আদৱানীয়েও এনে ধৰণৰ মন্তব্য পঢ়াৰ পৰা বিৰত থাকে । কিন্তু কিয়াৰাৰ পিতৃ-মাতৃয়ে কন্য়াক লৈ অনুৰাগীয়ে কৰা মন্তব্য পঢ়ে ।

Kiara Advani opesn up on how her parents cope up with trolls
ছ'চিয়েল মিডিয়াত হোৱা বিতৰ্কৰ পৰা আঁতৰি থাকিব বিচাৰে কিয়াৰাই

চিটাৰা ডেস্ক, ২৪ ডেস্ক : শ্বেৰশ্বাহ ছবিত কৰা অভিনয়ৰ বাবে পুনৰ দৰ্শকৰ প্ৰশংসা লাভ কৰিছে বলীউড অভিনেত্ৰী কিয়াৰা আদৱানী(KIARA ADVANI)য়ে । শেহতীয়াকৈ আৰবাজ খানৰ শ্ব' পিন্স ছিজন-২ত এক সাক্ষাৎকাৰত তেওঁ ছ'চিয়েল মিডিয়াত অনুৰাগীয়ে কৰা মন্তব্যক লৈ নিজৰ অনুভৱ ব্যক্ত কৰে । তেওঁ কয় যে, ছ'চিয়েল মিডিয়াত তেওঁ ট্ৰ'লৰ সন্মুখীন হ'লেও সেয়া তেওঁ গুৰুত্ব নিদিয়ে । কাৰণ কেতিয়াবা এনে ধৰণৰ মন্তব্যই তেওঁ আঘাত দিয়ে ।

আনহাতে, এনে পৰিস্থিতিত তেওঁৰ পিতৃ-মাতৃৰ প্ৰতিক্ৰিয়া কি হয় বুলি সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, পিতৃ-মাতৃয়ে সদায় তেওঁৰ বিষয়ে ছ'চিয়েল মিডিয়াত অনুৰাগীয়ে কৰা মন্তব্য পঢ়ে । কিয়াৰাই কয় যে, তেওঁ সততে এনে মন্তব্য উপেক্ষা কৰে । তেওঁ প্ৰতিটো দিন শান্তিত স্বাভাৱিকভাৱে অতিবাহিত কৰিব বিচাৰে । সেয়ে, এনে মন্তব্য পঢ়াৰ পৰা তেওঁ বিৰত থাকে । তেওঁ কয় যে, অভিনেতা-অভিনেত্ৰীসকলো মানুহ ।

ছ'চিয়েল মিডিয়াত তেওঁক লৈ বিতৰ্কিত মন্তব্য কৰিলে তেওঁ চিন্তা কৰে যে, এই মন্তব্যবোৰ তেওঁৰ পিতৃ-মাতৃয়েও পঢ়িব আৰু তেওঁলোকে মনত কষ্ট পাব । কিয়াৰাই লগতে কয় যে, তেওঁৰ পিতৃ-মাতৃয়ে প্ৰতিদিনে কিয়াৰা আদৱানী হেচটেগ দি পোষ্ট শ্বেয়াৰ কৰে । তেওঁলোকে জানিব বিচাৰে যে কিয়াৰাৰ বিষয়ে কি লিখা হৈছে, অনুৰাগীসকলে কিয়াৰাক লৈ কেনে ধৰণৰ মন্তব্য কৰিছে আৰু এয়া পঢ়ি তেওঁলোকে ভাল পায় ।

কিয়াৰাই লগতে কয় যে, তেওঁ মাতৃক এনে মন্তব্য নপঢ়িবলৈ কয় । কিন্তু মাতৃয়ে কয় যে, তেওঁ কিয়াৰাৰ বিষয়ে অনুৰাগীয়ে কি কয় সেয়া জানিব বিচাৰে ।

আনহাতে, সংস্কৃতিৰ প্ৰসংগত কিয়াৰাই কয় তেওঁ বিশ্বাস কৰে যে ইজনে আনজনৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰাটো সংস্কৃতিৰে এক গুৰুত্বপূৰ্ণ অংশ । কিয়াৰাই কয় যে, মানুহে বুজিব লাগে তাৰকাসকলো মানুহ আৰু তেওঁলোকৰো আবেগ থাকে । তেওঁলোকক বিতৰ্কিত মন্তব্যই প্ৰভাৱিত কৰিব পাৰে । প্ৰতিটো কথাৰ আঁৰত এটা কাৰণ থাকে বুলিও তেওঁ মন্তব্য কৰে ।

আৰবাজ খানৰ ডিজিটেল টক শ্ব' পিন্স ছিজন-২ত এই সকলোবোৰ কথা কিয়াৰাই প্ৰকাশ কৰে । এই খণ্ডটো চলিত সপ্তাহত কুপ্লে(QuPlay)ৰ ইউটিউব চেনেলত, জি-5(ZEE5)ত আৰু মাইএফএম(MyFM)ত মুক্তি লাভ কৰিব ।

লগতে পঢ়ক:জন্মদিন বিশেষ : হোটেলত কাম কৰাৰ পৰা বলিউডলৈ বানীৰ যাত্ৰা...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.