চিটাৰা ডেস্ক, 24 জানুৱাৰী : ফূৰ্তিৰ সীমা নাইকিয়া হৈছে কেটৰিণা কাঈফৰ ৷ নিজৰ ‘হেপ্পী প্লেছ’লৈ গৈছে বলীউডৰ মোহময়ী অভিনেত্ৰীগৰাকী (Katrina is in Maldives) ৷ বিয়াৰ এমাহৰ পিছতেই শ্বুটিঙৰ বাবে কেটৰিণাৰ পৰা আঁতৰি বিকী যাব লগীয়া হয় ইণ্ডোৰলৈ ৷ 22 জানুৱাৰীত কেটৰিণাক মুম্বাই এয়াৰপোৰ্টত দেখা পোৱা গৈছিল ৷ সকলোৱে অনুমান কৰিছিল সাৰাৰ সৈতে শ্বুটিঙত ব্যস্ত থকা বিকীক লগ কৰিবলৈ গৈছে কেটৰিণা ৷
- " class="align-text-top noRightClick twitterSection" data="
">
কিন্তু সোমবাৰৰ কেটৰিণাৰ ইন্ষ্টাগ্ৰাম পোষ্টে সকলো কল্পনা-জল্পনাৰ ওৰ পেলালে ৷ কেটৰিণাৰ ফটোবোৰৰ পৰা অভিনেত্ৰী গৰাকীয়ে মালদ্বীপত বহুমূলীয়া সময় উপভোগ কৰাৰ কথা স্পষ্ট হৈ পৰিছে ৷ বগা আৰু সেউজীয়া ৰঙৰ Beachwear পিন্ধা দেখা গ’ল অভিনেত্ৰী গৰাকীক ৷
লগতে পঢ়ক : Iulia Praises Salman: ছলমানৰ প্ৰশংসাত পঞ্চমুখ ইউলিয়া