চিটাৰা ডেস্ক,11 এপ্ৰিলঃ কাৰ্তিক আৰিয়ানে কৰ'ণা ভাইৰাছৰ সজাগতাৰ বাবে লৈছে এক বিশেষ পদক্ষেপ ৷ তেওঁ নিজৰ অফিচিয়েল ইউটিউব চেনেল যোগে কৰ'ণা ভাইৰাছৰ সৈতে যুদ্ধত জয়ী হোৱা ব্যক্তিক লৈ আৰম্ভ কৰিছে এক নতুন সাক্ষাৎকাৰ চিৰিজ ৷
- " class="align-text-top noRightClick twitterSection" data="
">
শনিবাৰে এই কথা ইনষ্টাগ্ৰাম একাউন্ট যোগে প্ৰকাশ কৰে যুৱ অভিনেতাগৰাকীয়ে ৷ অভিনেতাগৰাকীয়ে এই বিশেষ চিৰিজটো কৌকী পুছেগা নামেৰে নামাকৰণ কৰিছে ৷ জানিব পৰা মতে কাৰ্তিকে নিজৰ ছদ্ম নামেৰে এই চিৰিজৰ নামটো অভিহিত কৰিছে ৷উল্লেখ্য যে, অভিনেতাগৰাকীয়ে কৰ'ণা ভাইৰাছৰ সৈতে যুঁজিবৰ বাবে প্ৰধানমন্ত্ৰীৰ সাহাৰ্য পুঁজিত এক কোটি টকাৰ অনুদান দিছে ৷