ETV Bharat / sitara

সাংবাদিকৰ চৰিত্ৰত কাৰ্তিক আৰিয়ানৰ নতুন ছবি

author img

By

Published : Mar 2, 2021, 2:16 PM IST

অভিনেতা কাৰ্তিক আৰিয়ানে আগন্তুক ছবি 'ধামাকা'ৰ চৰিত্ৰটোৰ বিষয়ে অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰে । অভিনেতাগৰাকীয়ে লগতে প্ৰকাশ কৰিছে যে 'ধামাকা' নেটফ্লিক্সত মুকলি হ'ব ।

সাংবাদিকৰ চৰিত্ৰত কাৰ্তিক আৰিয়ানৰ নতুন ছবি
সাংবাদিকৰ চৰিত্ৰত কাৰ্তিক আৰিয়ানৰ নতুন ছবি

চিটাৰা ডেস্ক,২ মাৰ্চ: বলীউডৰ অভিনেতা কাৰ্তিক আৰিয়ানক অতি শীঘ্ৰে দেখা যাব ৰাম মাধৱনী পৰিচালিত ছবি 'ধামাকা'ত । অভিনেতা গৰাকীয়ে অনুৰাগীসকলৰ লগত সন্মুখত মঙলবাৰে শ্বেয়াৰ কৰিলে ছবিখনৰ টিজাৰ । লগতে ইনষ্টাগ্ৰামত অনুৰাগীসকলক জনাই যে ছবিখন নেটফ্লিক্সৰ প্লেটফৰ্মত ষ্ট্ৰিমিং হ'ব ।

ধামাকাত অভিনেতাগৰাকীয়ে অৰ্জুন পাঠক নামৰ এজন সাংবাদিকৰ চৰিত্ৰত অভিনয় কৰিছে ৷ যিয়ে মুম্বাইত সন্ত্ৰাসবাদী আক্ৰমণৰ পোনপটীয়া সম্প্ৰচাৰ কভাৰ কৰে । পৰৱৰ্তী সময়ত তেওঁৰ জীৱনলৈ অহা বিভিন্ন ভাবুকি আৰু কৰ্ম জীৱনত পৰা প্ৰভাৱ আদিৰ বিষয় সামৰি লোৱা হৈছে ছবিখনত । আৰিয়ানে ছবিখনৰ টিজাৰ শ্বেয়াৰ কৰি ছবিখন এই গ্ৰীষ্মকালতে মুক্তি পাব বুলি উল্লেখ কৰে ।

'ধামাকা' ছবিখন ৰনি স্ক্ৰুভালাৰ আৰএছভিপি ফিল্ম আৰু লোটে কালচাৰ ৱৰ্কছ, গ্লোবেল গেট এণ্টাৰটেইনমেণ্ট এণ্ড লায়ঞ্চ গেটৰ সহযোগত ৰাম মাধৱনী ফিল্মৰ বেনাৰত নিৰ্মাণ কৰা হৈছে । ছবিখনত অভিনেতা বিকাশ কুমাৰ আৰু বিশ্বজিৎ প্ৰধানেও অভিনয় কৰিছে ।

লগতে পঢ়ক:কিয় চাৰিটা নিশা উজাগৰে কটাবলগীয়া হ'ল ন'ৰা ফটেহীয়ে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.