চিটাৰা ডেস্ক, 21 আগষ্ট : বলীউড অভিনেত্ৰী কৰীণা কাপুৰ খানে( Kareena Kapoor Khan) তেওঁৰ সৰু পুত্ৰ জেহ আলী খান(Jeh Ali Khan)ৰ সৈতে এখন আকৰ্ষণীয় ফটো শ্বেয়াৰ কৰিছে ৷ বৰ্তমান মালদ্বীপ(Maldives)ত পৰিয়ালৰ সৈতে অভিনেত্ৰীগৰাকীয়ে বন্ধৰ দিন পাৰ কৰিছে ৷ দ্বিতীয় পুত্ৰ জেহ আলী খানৰ ছমহীয়া জন্মদিন উপলক্ষে কৰীণাই শেহতীয়াকৈ ফটোখন শ্বেয়াৰ কৰিছে ৷
ডাঙৰ পুত্ৰ টাইমুৰ আৰু তেওঁৰ অভিনেতা-স্বামী ছেইফ আলী খানৰ সৈতে কৰীণা মালদ্বীপলৈ ৰাওনা হৈছিল ৷ শনিবাৰে বেবোৱে ইনষ্টাগ্ৰামযোগে জেহৰ সৈতে নিজৰ এখন ফটো শ্বেয়াৰ কৰে ৷ ফটোখনত কৰীণাই জেহক সাৱটি থকা দেখা গৈছে ৷ ফটোখন শ্বেয়াৰ কৰি কৰীণাই পুত্ৰক ছমহীয়া জন্মদিনৰ শুভেচ্ছা জনায় ৷ ইনষ্টাগ্ৰামত কৰীণাই এইবুলি লিখে, "Love, happiness, and courage to you always ❤️❤️❤️ Happy 6 months my life ❤️."
- " class="align-text-top noRightClick twitterSection" data="
">
অনুৰাগীসকলে মৰমেৰে Saifeena বুলি সম্বোধন কৰা ছেইফ আৰু কৰীণা 2012 চনৰ ডিচেম্বৰত বিবাহপাশত আৱদ্ধ হৈছিল ৷ চলিত বৰ্ষৰ 21 ফেব্ৰুৱাৰীত জেহৰ জন্ম হৈছিল ৷ জেহৰ জন্মৰ পাচৰে পৰা বিশেষকৈ তেওঁৰ নামটোক লৈ সামাজিক মাধ্যমত চলি থকা ট্ৰলসমূহত বহু আলোচনা হোৱা দেখা গৈছিল ৷ অতি শেহতীয়াকৈ কৰীণা আৰু ছেইফৰ দ্বিতীয় পুত্ৰৰ নাম জাহাংগীৰ ৰখা হৈছে বুলি বাতৰি প্ৰচাৰিত হোৱাৰ পাচতে কণমানিটো অনাস্বাদিত ট্ৰ'ল আক্ৰমণৰ বিষয় হৈ পৰিছিল ৷
ইফালে কৰ্মক্ষেত্ৰত, কৰীণাই একতা কাপুৰৰ বালাজী টেলিফিল্মছ(Ekta Kapoor's Balaji Telefilms)ৰ সহযোগত প্ৰথমবাৰৰ বাবে প্ৰযোজক হ'বলৈ সাজু হৈছে ৷ এই পৰ্যন্ত শিৰোনাম চূড়ান্ত নোহোৱা ছবিখন হংসল মেহতা(Hansal Mehta)ই পৰিচালনা কৰিব ৷ আহিবলগীয়া থ্ৰিলাৰ চলচ্চিত্ৰখন বাস্তৱ জীৱনৰ এক ঘটনাৰ দ্বাৰা অনুপ্ৰাণিত ।
লগতে পঢ়ক : Rocky Aur Rani Ki Prem Kahani ৰ দৃশ্যগ্ৰহণ আৰম্ভ