ETV Bharat / sitara

প্ৰযোজক হিচাপে আত্মপ্ৰকাশ কৰিব কৰীণা কাপুৰ খানে

author img

By

Published : Aug 10, 2021, 10:20 PM IST

দুটা দশকৰো অধিক সময় ধৰি বলীউড ছবিত অভিনয় কৰাৰ পাছত এইবাৰ ছবি প্ৰযোজনাৰ বাবে মন মেলিছে অভিনেত্ৰী কৰীণা কাপুৰ খানে(Kareena Kapoor Khan) । হঞ্চল মেহতা পৰিচালিত এখন থ্ৰিলাৰ ছবি প্ৰযোজনা কৰিব কৰীণা কাপুৰ খান আৰু একতা কাপুৰ প্ৰডাকছনে । এতিয়ালৈকে ছবিখনৰ নাম চূড়ান্ত কৰা হোৱা নাই ।

Kareena Kapoor Khan is all set to make her debut as a producer
হংসল মেহতাৰ আগন্তুক থ্ৰিলাৰ ছবিত অভিনয় কৰিব কৰীণা কাপুৰ খানে

চিটাৰা ডেস্ক, ১০ আগষ্ট : ছবি প্ৰযোজক হিচাপে নিজকে বলীউড নতুন এক ৰূপত পৰিচিত কৰিবলৈ সাজু হৈছে বলীউড অভিনেত্ৰী কৰীণা কাপুৰ খান । ইতিমধ্যে একতা কাপুৰৰ বালাজী টেলিফিল্মছৰ সৈতে একেলগে কাম কৰাৰ সিদ্ধান্ত লৈছে কৰীণাই । হঞ্চল মেহতাই পৰিচালনা কৰিবলগীয়া এখন থ্ৰিলাৰ ছবি প্ৰযোজনাৰ কামত জড়িত হ'ব কৰীণা । তেওঁ ছবিখনৰ সহ-প্ৰয়োজক হিচাপে কাম কৰিব ।

আগন্তুক ছবিখনত কৰীণাই মুখ্য চৰিত্ৰও ৰূপায়ণ কৰিব । অৱশ্যে, এতিয়ালৈকে ছবিখনৰ নাম চূড়ান্ত কৰা হোৱা নাই । আনহাতে, ছবি প্ৰযোজনাক লৈ উৎসাহিত হৈ থকা কৰীণাই কয় যে, একতাৰ সৈতে এই ছবিখনত প্ৰযোজক হিচাপে কাম কৰিবলৈ পাই তেওঁ অতি আনন্দিত হৈ পৰিছে আৰু এয়া তেওঁৰ বাবে এক সন্মান বুলি উল্লেখ কৰিছে ।

তেওঁ কয় যে, তেওঁ হঞ্চল মেহতাৰ ছবিৰ অনুৰাগী । মেহতাৰ সৈতে তেওঁ প্ৰথমবাৰৰ বাবে কাম কৰিব বুলিও জানিবলৈ দিছে ।

কৰীণাই একতা কাপুৰৰ সৈতে প্ৰজেক্টটোৰ সহ-প্ৰযোজনা কৰিব আৰু কৰীণা আৰু হংসল মেহতাৰ সৈতে একেলগে কাম কৰিবলৈ পাই একতাই আনন্দ প্ৰকাশ কৰে । তেওঁ কয় যে, কৰীণা কাপুৰ খান ষ্টাৰ পাৱাৰ আৰু প্ৰতিভাৰ এক ডায়নামাইট সংমিশ্ৰণ । শেষবাৰৰ বাবে 'বীৰে দি ৱেডিং'ত তেওঁলোকে একেলগে কাম কৰিছিল বুলিও তেওঁ উল্লেখ কৰে ।

আগন্তুক ছবিখনে দৰ্শকৰ বিপুল সঁহাৰি লাভ কৰাটো নিশ্চিত বুলি তেওঁ মন্তব্য কৰে । ছবিখন যিহেতু হংসল মেহতাই পৰিচালনা কৰিব সেয়ে এই ছবিখনে দৰ্শকৰ সঁহাৰি লাভ কৰাটো স্বাভাৱিক বুলিও তেওঁ কয় ।

আনহাতে, এই সন্দৰ্ভত হংসল মেহতাই কয় যে, ছবিখনত প্ৰযোজক হিচাপে কাম কৰিলেও কৰীণাই যাতে অভিনয়ৰ দিশটোতো সুন্দৰভাৱে কাম কৰি যাব পাৰে সেয়া নিশ্চিত কৰা হ'ব । একতা আৰু কৰীণাৰ সৈতে এই যাত্ৰা সফল হ'ব বুলি তেওঁ আশা প্ৰকাশ কৰে । শীঘ্ৰেই ইংলেণ্ডত ছবিখনৰ দৃশ্যগ্ৰহণ আৰম্ভ কৰা হ'ব ।

লগতে পঢ়ক:Video Viral : ৰাখীয়ে দলিয়ালে লাঠী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.