চিটাৰা ডেস্ক,19 ফেব্ৰুৱাৰীঃ এইবাৰ এক অনন্য আন্দাজত দেখিবলৈ পোৱা যাব কিয়াৰা আদৱানীক ৷ গিল্টীৰ জৰিয়তে দ্বিতীয়বাৰৰ বাবে নেটফ্লিক্স জগতলৈ আহিব অভিনেত্ৰী কিয়াৰা আদৱানী ৷ কিয়াৰা আদৱানীয়ে কোনোধৰণৰ আপত্তি নকৰাকৈ আগবাঢ়িছে নেটফ্লিক্সৰ নতুন চিৰিজত কাম কৰিবৰ বাবে ৷
- " class="align-text-top noRightClick twitterSection" data="">
কিন্তু এই ক্ষেত্ৰত ছবি নিৰ্মাতা কৰণ জোহৰে ভাবিছিল অটিটি প্লেটফৰ্মত আৰু এটা প্ৰজেক্ট কৰাৰ ক্ষেত্ৰত চিন্তিত হ'ব পাৰে অভিনেত্ৰীগৰাকী ৷ কিয়াৰাই সাংবাদিকৰ আগত এই সন্দৰ্ভত জনাইছিল যে, "কৰণে মোক অলপ সাৰাংশ কৈছিল ছবিখনৰ বিষয়ে ৷ এই চৰিত্ৰটো যথেষ্ট শক্তিশালী ধৰণৰ হয় ৷ তেওঁ কৈছিল যে, এই স্ক্ৰিপ্টটো যথেষ্ট থ্ৰিলিং হয় ৷ তেওঁ বিচাৰিছিল মই স্ক্ৰিপ্টখনৰ বিষয়ে শুনাটো আৰু লগতে জনাইছিল যে, এই চিৰিজটো প্ৰচাৰ হ'ব নেটফ্লিক্স যোগে ৷" কিন্তু তাৰ লগতে তেওঁ ভাবিছিল, "কবীৰ সিং আৰু গুড নিউজৰ দৰে ছবি কৰাৰ পিছত মই এনেধৰণৰ ছবি কৰিবলৈ চিন্তা কৰিম ৷ কিন্তু মোৰ বাবে প্লেটফৰ্মতকৈও ডাঙৰ কথা ছবিৰ বিষয়বস্তু ৷"
লগতে পঢ়কঃৰোহিত চেট্টীয়ে কি ক'লে সূৰ্যবংশী আৰু সত্তে পে সত্তাৰ ৰি-মেক সন্দৰ্ভত