চিটাৰা ডেস্ক,25 মাৰ্চঃ বলীউডৰ জনপ্ৰিয় কন্ঠশিল্পী কণিকা কাপুৰক তৃতীয়বাৰৰ বাবে কোভিড-19ৰ পৰীক্ষা কৰা হয় ৷ মঙলবাৰে কৰা এই পৰীক্ষাতো কোভিড-19 পজিটিভ হিচাপে ধৰা পৰে ৷
বৰ্তমান জনপ্ৰিয় কন্ঠশিল্পীগৰাকী চিকিৎসাধীন হৈছে লক্ষ্নৌৰ SGPGIMSত ৷ শেহতীয়াকৈ SGPGIMSৰ পৰিচালকগৰাকীয়ে জনোৱা মতে, পূৰ্ণগতিত চলি আছে কণিকা কাপুৰৰ চিকিৎসা ৷ তেওঁ ক'লে যে, চিকিৎসা তেতিয়ালৈকে চলিব যেতিয়ালৈকে কমেও দুটা পৰীক্ষণ নিগেটিভ নোলায় ৷ ইয়াৰ মাজতে কণিকাৰ সংস্পৰ্শত বেছিকৈ থকা বন্ধু ঔজচ দেশাইৰ স্বাস্থ্য পৰীক্ষা কৰা হৈছিল যদিও তেওঁৰ ৰিৰ্পোট নিগেটিভ ওলায় ৷
ঔজচে জনাই যে তেওঁ মুম্বাইৰ কস্তুৰবা হাস্পতালত কোভিড-19ৰ বাবে পৰীক্ষা কৰিছিল কিন্তু সৌভাগ্যক্ৰমে এই পৰীক্ষণৰ অন্তত তেওঁৰ ৰিৰ্পোট নিগেটিভ ওলায় ৷ লগতে তেওঁ চ'ছিয়েল মিডিয়াযোগে তেওঁৰ টেষ্ট ৰিৰ্পোটো শ্বেয়াৰ কৰে ৷
লক্ষ্ণৌত গায়িকগৰাকীয়ে যি যি মানুহৰ সংস্পৰ্শলৈ গৈছিল, সকলোৰে পৰীক্ষা কৰা হৈছিল ৷ এই সকলৰ মাজত আছিল বহু ৰাজনৈতিক নেতা তথা ব্যৱসায়ী ৷ অৱশ্যে এই সকলোৰে ৰিৰ্পোট এতিয়ালৈকে নিগেটিভ হিচাপে চিহ্নিত হৈছে ৷