চিটাৰা ডেস্ক, 11 ছেপ্তেম্বৰ : অভিনেত্ৰী কংগনা ৰানাৱটে এক টুইটযোগে শুকুৰবাৰে প্ৰকাশ কৰিছে যে,মুম্বাইৰ পৌৰ নিগমৰ দ্বাৰা বুধবাৰে অভিনেত্ৰী গৰাকীৰ কাৰ্যালয়ৰ ভাঙি দিয়াৰ কিছু অংশ তেওঁ পুনৰ নিৰ্মাণ নকৰে ৷
ইফালে,আন এটা টুইটত অভিনেত্ৰী গৰাকীয়ে উল্লেখ কৰিছে যে,15 জানুৱাৰীৰ পৰা মুম্বাইৰ কাৰ্যালয় খোলাৰ কথা আছিল কিন্তু ক'ভিড-19ৰ ত্ৰাসৰ বাবে কাৰ্যালয় পুনৰ স্থগিত ৰাখিব লগা হৈছে ৷ লগতে,মহাৰাষ্ট্ৰ চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰিও অভিনেত্ৰী গৰাকীয়ে জনাই যে,চৰকাৰে এই কাৰ্যালয়টো ভাঙি এগৰাকী মহিলাৰ আত্মসন্মানৰ লগতে কষ্ট আৰু ত্যাগক ধংস কৰিব বিচাৰিছে ৷ লগতে,মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ সৈতে বিবাদ অব্যাহত থাকিব বুলি অভিনেত্ৰী গৰাকীয়ে উল্লেখ কৰে ৷
উল্লেখ্য যে,কেন্দ্ৰীয় গৃহ মন্ত্ৰাণালয়ৰ দ্বাৰা প্ৰদান কৰা নিৰাপত্তা বাহিনীৰ সৈতে অভিনেত্ৰী গৰাকীয়ে 9 ছেপ্তেম্বৰত মুম্বাইত উপস্থিত হৈছিল আৰু উপস্থিত হৈয়ে ক্ষতি হোৱা সম্পত্তিৰ পৰ্যবেক্ষণ কৰিছিল ৷ শিৱ সেনাৰ নেতা সঞ্জয় ৰাৱটৰ সৈতে বিবাদত লিপ্ত হোৱাৰ পিচত অভিনেত্ৰী গৰাকীয়ে নিৰাপত্তাহীনতাত ভোগাৰ পিচতে কেন্দ্ৰীয় গৃহ মন্ত্ৰাণালয়ে তেওঁক Y-Plus সুৰক্ষা প্ৰদান কৰিছিল ৷
ইফালে,মহাৰাষ্ট্ৰ চৰকাৰৰ সৈতে বিবাদ অব্যাহত থকাৰ সময়তে অভিনেত্ৰী গৰাকীয়ে চচিয়েল মিডিয়াত চৰকাৰৰ বিৰুদ্ধে এক ভিডি'অ যোগে ক্ষোভ উজাৰিছিল য'ত অভিনেত্ৰী গৰাকীয়ে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী তথা সঞ্জয় ৰাৱটৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰা পৰিলক্ষিত হৈছিল ৷
লগতে পঢ়ক : SSR গোচৰ : শৌভিক, ছেমুৱেলক আজি হাজিৰ কৰা হ'ব আদালতত