ETV Bharat / sitara

'থলাইৱী'ৰ ট্ৰেইলাৰ শ্বেয়াৰ কৰিলে কংগনা ৰাণাৱটে

নিজৰ জন্মদিনৰ শুভক্ষণতে বহু প্ৰতীক্ষিত ছবি 'থলাইৱী'ৰ ট্ৰেইলাৰ শ্বেয়াৰ কৰিলে বলীউড অভিনেত্ৰী কংগনা ৰাণাৱটে । অভিনয় জগতৰ পৰা ৰাজনীতিৰ পথাৰত খোজ পেলোৱা তামিলনাডুৰ প্ৰয়াত মুখ্যমন্ত্ৰী জয়া ললিতাৰ জীৱন কাহিনীৰ আধাৰত ছবিখন নিৰ্মাণ কৰা হৈছে ।

'থৈলৱী'ৰ ট্ৰেইলাৰ শ্বেয়াৰ কৰিলে কংগনা ৰাণাৱটে

author img

By

Published : Mar 23, 2021, 12:54 PM IST

চিটাৰা ডেস্ক, ২৩ মাৰ্চ: বলীউড তাৰকা কংগনা ৰাণাৱটৰ ওপজা দিনটোতে মুকলি কৰা হৈছে 'থলাইৱী'ৰ ট্ৰেইলাৰ । মঙলবাৰে এ এল বিজয় পৰিচালিত ছবিখনৰ ট্ৰেইলাৰ টুইটযোগে শ্বেয়াৰ কৰে কংগনাই । তামিলনাডুৰ প্ৰয়াত মুখ্যমন্ত্ৰী জয়া ললিতাৰ জীৱন কাহিনীৰ আধাৰত ছবিখন নিৰ্মাণ কৰা হৈছে । অভিনয় জগতৰ পৰা ৰাজনীতিৰ পথাৰত খোজ পেলোৱা জয়া ললিতাই কঠোৰ সংগ্ৰামেৰে মাজেৰে বিজয়ৰ পথ প্ৰশস্ত কৰাৰ সকলো কথা নাটকীয় ৰূপত ছবিখনত দাঙি ধৰা হৈছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

এগৰাকী সুদক্ষ ৰাজনীতিবিদ হিচাপে নিজকে গঢ়ি তুলিবলৈ জয়া ললিতাৰ সংকটপূৰ্ণ যাত্ৰা দেখুওৱা হৈছে ছবিখনত । ছবিখনত জয়া ললিতাৰ চৰিত্ৰ ৰূপায়ণ কৰিবলৈ কংগনাই নিজৰ শৰীৰৰ ২০ কেজি ওজন বৃদ্ধি কৰিবলগীয়া হৈছিল । কিন্তু ছবিৰ কাম শেষ হৈছে যদিও কংগনাৰ ওজন এতিয়াও পূৰ্বৰ দৰে হোৱা নাই আৰু ইয়াৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে অভিনেত্ৰীগৰাকীয়ে । অহা ২৩ এপ্ৰিলত বিশ্বজুৰি মুক্তি লাভ কৰিব 'থলাইৱী' ছবিখনে ।

এই ছবিখন হিন্দী, তামিল আৰু তেলেগু ভাষাত মুক্তি দিয়া হ'ব । 'থলাইৱী'ত অৰবিন্দ স্বামী, প্ৰকাশ ৰাজ, মাধ' আৰু ভগ্যশ্ৰীয়েও মুখ্য চৰিত্ৰত অভিনয় কৰিছে । ভাইব্ৰি ম'ছন পিকছাৰ্ছ, কৰ্মা মিডিয়া এণ্টাৰটেইনমেন্ট, গ'থিক এণ্টাৰটেইনমেন্ট আৰু স্প্ৰিণ্ট ফিল্মছৰ সহযোগত ছবিখন নিৰ্মাণ কৰিছে বিষ্ণু বৰ্ধন ইণ্ডুৰী আৰু শৈলেশ আৰ সিঙে । সহ-প্ৰযোজক হিচাপে কাম কৰিছে হিটেশ ঠাক্কৰ আৰু থিৰুমল ৰেড্ডীয়ে ।

লগতে পঢ়ক:67 তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা: কংগণা ৰাণাৱট, মনোজ বাজপেয়ী, ধনুষলৈ বঁটা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.