চিটাৰা ডেস্ক,10 জুন : বলীউড অভিনেত্ৰী (bollywood actress) কংগনা ৰাণাৱট (kangana ranaut) বৰ্তমান মানালীত তেওঁৰ নিজা ঘৰত পৰিয়ালৰ সৈতে সময় অতিবাহিত কৰি আছে । বিতৰ্কত থকা বলীউড তাৰকাসকলৰ ভিতৰত কংগনা ৰাণাৱটো অন্যতম ৷ সামাজিক মাধ্যম (social media)যোগে বহু বিষয়ত মুক্ত মতামত প্ৰদান কৰে কংগনাই । এই মন্তব্যই কেতিয়াবা বিতৰ্কলৈ লৈ যায় অভিনেত্ৰীগৰাকীক । শেহতীয়াকৈ পুনৰ ইনষ্টাগ্ৰাম প’ষ্টৰ জৰিয়তে বিতৰ্কৰ মাজত সোমাই পৰিছে কংগনা ৷
কংগনাৰ বিবাদিত প’ষ্ট:
শেহতীয়া প’ষ্টযোগে কংগনাই নিজকে ‘হট চংঘী’ বুলি বৰ্ণনা কৰিছে । সামাজিক মাধ্যমযোগে দুখন ফটো শ্বেয়াৰ কৰি কেপচন (caption)ত এইদৰে মন্তব্য দিয়ে অভিনেত্ৰীগৰাকীয়ে ৷ আনহাতে, দ্বিতীয়খন ছবিৰ শিৰোনামত আছে (Librus: Sanghi women aren't hot) লিব্ৰাছ: চংঘী মহিলাসকল আকৰ্ষণীয় নহয় । কংগনাৰ এই প’ষ্ট এতিয়া চৰ্চিত হৈ পৰিছে সামাজিক মাধ্যমত ৷
টুইটাৰ একাউণ্ট নিলম্বন:
বিতৰ্কিত মন্তব্যৰ বাবে কিছুদিন পূৰ্বে টুইটাৰ একাউণ্ট নিলম্বন কৰা হৈছে (twitter account suspended) কংগনা ৰাণাৱটৰ । অভিনেত্ৰীগৰাকীয়ে মাইক্ৰ’ব্লগিং ছাইট (microblogging site)ৰ নিয়ম উলংঘা কৰিছে, যাৰ বাবে তেওঁৰ একাউণ্ট নিলম্বন কৰা হৈছে ।
পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ ফলাফলৰ অন্তত কৰা টুইট:
পশ্চিম বংগ বিধানসভা নিৰ্বাচন (west bengal assembly election result)ৰ ফলাফলৰ পাচত বিতৰ্কিত টুইট (controversial tweet) কৰিছিল কংগনাই ৷ ইয়াৰ পাচতে কংগনাৰ একাউণ্ট নিলম্বন কৰিছে টুইটাৰ কৰ্তৃপক্ষই । পশ্চিমবংগৰ নিৰ্বাচনৰ ফলাফলৰ পাচত কংগনা ৰাণাৱটে টুইটযোগে লিখিছিল, ‘‘পশ্চিম বংগত বাংলাদেশী আৰু ৰহিঙীয়াৰ সংখ্যা অধিক । ই স্পষ্টভাৱে দেখুৱায় যে, হিন্দুসকল তাত সংখ্যাগৰিষ্ঠ নহয় ৷ তথ্য অনুসৰি, বঙালী-মুছলমানসকল অত্যন্ত দৰিদ্ৰ আৰু বঞ্চিত’’ ।
লগতে পঢ়ক : Sushant Singh Rajput ৰ ওপৰত নিৰ্মিত ছবিক লৈ কি ক’লে দিল্লী উচ্চ ন্যায়ালয়ে ?