ETV Bharat / sitara

'থলাইবী' আৰু 'ধাকড়'ৰ চৰিত্ৰই প্ৰতিফলিত কৰিছে কংগনাৰ বহুমুখী প্ৰতিভা

author img

By

Published : Jul 27, 2021, 3:58 PM IST

'থলাইবী'(Thalaivi) আৰু 'ধাকড়'(Dhaakad )ত ব্যতিক্ৰমী ৰূপত দৰ্শকে দেখা পাব অভিনেত্ৰী কংগনা ৰাণাৱট(Kangana Ranaut)ক । মঙলবাৰে ইনষ্টাগ্ৰাম পোষ্টযোগে দুখন ফটো শ্বেয়াৰ ইয়াৰ আভাস দিলে অভিনেত্ৰীগৰাকীয়ে । কংগনাৰ অভিনয় দক্ষতা তথা বহুমুখী প্ৰতিভা প্ৰতিফলিত হৈছে ফটো দুখনত ।

Kangana gave a glimpse of her looks from Thalaivi, Dhaakad
'থলাইবী' আৰু 'ধাকড়'ৰ চৰিত্ৰই প্ৰতিফলিত কৰিছে কংগনাৰ বহুমুখী প্ৰতিভা

চিটাৰা ডেস্ক, ২৭ জুলাই : মঙলবাৰে অভিনেত্ৰী কংগনা ৰাণাৱটে 'থলাইবী'(Thalaivi) আৰু 'ধাকড়'(Dhaakad) ত তেওঁ ৰূপায়ণ কৰা চৰিত্ৰৰ সৈতে চিনাকী কৰাই দিলে অনুৰাগীক । ইনষ্টাগ্ৰাম পোষ্টযোগে দুখন ফটো শ্বেয়াৰ কৰে অভিনেত্ৰীগৰাকীয়ে । ইয়াৰে এখন ফটোত তেওঁক 'থলাইবী'ৰ জয়াললিতাৰ ৰূপত দেখা পোৱা গৈছে । ছবিখন তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা অভিনেত্ৰী জে. জয়াললিতা (J Jayalalithaa) ৰ জীৱন কাহিনীৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হৈছে ।

ফটোখনত সোণালী ৰঙৰ সাজত দেখা গৈছে কংগনাক । আনহাতে, কংগনাই শ্বেয়াৰ কৰা আনখন ফটোত তেওঁক এক্সন ছবিৰ নায়িকাৰ ৰূপত দেখা গৈছে । কংগনাই 'ধাকড়' ছবিত তেওঁৰ ৰূপ কেনেকুৱা হ'ব, তাৰ আভাস দিবলৈ চেষ্টা কৰিছে । ছবিখনত তেওঁ এজেণ্ট অগ্নিৰ চৰিত্ৰ ৰূপায়ণ কৰিব ।

ফটোখনত কংগনাক ক'লা ডেনিম শ্বৰ্ট আৰু এটা টপ পৰিধান কৰা দেখা গৈছে । কংগনা ৰাণাৱটৰ চুলিবোৰ চুটি দেখা গৈছে । কংগনাৰ এই দুয়োটা ৰূপে দৰ্শকক কিমান আকৰ্ষিত কৰিব পাৰে সেয়া লক্ষণীয় হ'ব ।

বৰ্তমান একেলগে দুখন ছবিৰ কামত ব্যস্ত হৈ আছে কংগনা । জয়াললিতাৰ চৰিত্ৰ ৰূপায়ণ কৰিবলৈ তেওঁ নিজৰ শৰীৰৰ প্ৰায় ২০ কিল’গ্ৰাম ওজন বৃদ্ধি কৰিছিল । পিছত ধাকড় ছবিৰ বাবে তেওঁ অতিৰিক্ত ওজনো হ্ৰাস কৰে । কংগনাই ফটো দুখন শ্বেয়াৰ কৰি লিখিছে যে, 'এই যাত্ৰা আন যাত্ৰাৰ দৰে নহয়' ৷

যোৱা ২৩ মাৰ্চত 'থলাইবী'ৰ টিজাৰ মুকলি কৰা হৈছিল । কংগনাই ছবিখনৰ 'চলি চলি' শীৰ্ষক গীতটিৰ দৃশ্যগ্ৰহণৰ আঁৰৰ বহু কথা শ্বেয়াৰ কৰিছিল অনুৰাগীৰ সৈতে । ছবিখনত জয়াললিতাৰ শিশু অৱস্থাৰ পৰা ৰাজনীতিৰ ক্ষেত্ৰখনত খোজ পেলোৱালৈকে দীঘলীয়া যাত্ৰাক নাটকীয় ৰূপত দাঙি ধৰা হৈছে । 'থলাইবী' আৰু 'ধাকড়'ৰ উপৰিও অভিনেত্ৰী কংগনা ৰাণাৱটক তেজছ, মণিকৰ্ণিকা ৰিটাৰ্ণছ: দ্য লিজেণ্ড অৱ দিদা এণ্ড ইমাৰ্জেন্সিত দেখা পোৱা যাব ।

লগতে পঢ়ক: অভিনেতা হোৱাৰ মন কণ্ঠশিল্পী গুৰু ৰন্ধাৱাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.