চিটাৰা ডেস্ক, 24 ফেব্ৰুৱাৰী: বলিউদৰ প্ৰয়াত প্ৰবীণ অভিনেত্ৰী শ্ৰীদেৱীৰ তৃতীয় মৃত্যু বাৰ্ষিকী উপলক্ষে অভিনেত্ৰী গৰাকীক স্মৰণ কৰিলে শ্ৰীদেৱীৰ জীয়ৰী তথা বলিউদৰ অভিনেত্ৰী জাহ্নৱী কাপুৰ আৰু তেওঁৰ ভগ্নী খুচী কাপুৰে ৷ সামাজিক মাধ্যমযোগে নিজ মাতৃক স্মৰণ কৰে জাহ্নৱী আৰু খুচীয়ে ৷
- " class="align-text-top noRightClick twitterSection" data="
">
হাতেলিখা এটা টোকা শ্বেয়াৰ কৰি জাহ্নৱীয়ে প্ৰয়াত মাকক স্মৰণ কৰে ৷ ইনষ্টাগ্ৰামযোগে জাহ্নৱীয়ে শ্বেয়াৰ কৰা চোকাটোত এইবুলি লিখা আছে "I love you my labbu. You are the best baby in the world." ৷
- " class="align-text-top noRightClick twitterSection" data="
">
খুচী কাপুৰেও ইনষ্টাগ্ৰামযোগে মাতৃ শ্ৰীদেৱী আৰু পিতৃ বনি কাপুৰৰ সৈতে এখন ফটো শ্বেয়াৰ কৰে ৷ অৱশ্যে খুচীয়ে ফটোত কোনো কেপচন দিয়া নাই ৷
উল্লেখ্য যে, বলিউদৰ প্ৰথমগৰাকী মহিলা চুপাৰষ্টাৰ শ্ৰীদেৱীয়ে 2018 চনৰ 24 ফেব্ৰুৱাৰীত 54 বছৰ বয়সত ইহ-সংসাৰ ত্যাগ কৰিছিল ৷