চিটাৰা ডেস্ক, ৩১ মাৰ্চ: মালায়ালম ছবি 'হেলেন'ৰ হিন্দী ৰিমেকত দেখা পোৱা যাব বলীউড অভিনেত্ৰী জাহ্নৱী কাপুৰক । ছবিখনৰ বিষয়ে এতিয়াও আনুষ্ঠানিকভাৱে ঘোষণা কৰা হোৱা নাই যদিও ছবিখন জাহ্নৱীৰ পিতৃ বনি কাপুৰে প্ৰযোজনা কৰিব বুলি চৰ্চা অব্যাহত আছে । ২০১৯ চনত মথুকুট্টী জেভিয়াৰ নিৰ্দেশিত মালায়ালম থ্ৰিলাৰ ছবি 'হেলেনে' মুক্তি লাভ কৰিছিল ।
- " class="align-text-top noRightClick twitterSection" data="">
ছবিখনৰ হিন্দী ৰিমেকৰ প্ৰযোজনা কৰিব বনি কাপুৰে । সেয়ে, অৱসৰ বিনোদনৰ বাবে বৰ্তমান আমেৰিকাত থকা জাহ্নৱীয়ে এতিয়া আৱেগিকভাৱে ছবিখনৰ সৈতে জড়িত হৈ পৰিছে । শীঘ্ৰেই দৃশ্যগ্ৰহণ আৰম্ভ হ'ব 'হেলেন'ৰ । ছবিখনত জাহ্নৱীক এগৰাকী সৎ ছোৱালীৰ চৰিত্ৰ ৰূপত দেখা যাব, যিয়ে দুৰ্ভাগ্যবশতঃ এখন ছুপাৰমাৰ্কেটৰ ৰেফ্ৰিজাৰেটৰৰ ভিতৰত আৱদ্ধ হৈ পৰে ।
- " class="align-text-top noRightClick twitterSection" data="
">
ছবিখনত জাহ্নৱীয়ে শূন্য ডিগ্ৰী ছেলচিয়াছ উষ্ণতাৰ তলত ৰেফ্ৰিজাৰেটৰৰ ভিতৰত আৱদ্ধ হোৱাৰ এক ভয়াৱহ দৃশ্য প্ৰদৰ্শন কৰিব লাগিব । 'হেলেন' ছবিত অভিনয় কৰাৰ পূৰ্বে অভিনেত্ৰীগৰাকীয়ে এই সকলো অভিজ্ঞতা ল'ব বিচাৰিছে । 'হেলেন'ৰ জৰিয়তে প্ৰথমবাৰৰ বাবে পেচাগতভাৱে ছবি নিৰ্মাতা পিতৃৰ সৈতে কাম কৰিব জাহ্নৱীয়ে । ছবিখনৰ বিষয়ে ক'বলৈ গৈ বনি কাপুৰে কয় যে, ছবিখনত তেওঁৰ কন্যাই প্ৰত্যাহ্বানজনক চৰিত্ৰ ৰূপায়ণ কৰিব ।
- " class="align-text-top noRightClick twitterSection" data="
">
লগতে অভিনয় জীৱনৰ আৰম্ভণিতে জাহ্নৱীয়ে এনে ভূমিকা পালন কৰিবলৈ পোৱাতো যথেষ্ট ভাল সুযোগ বুলিও তেওঁ মন্তব্য কৰে । তেওঁ কয় যে, ছবিখনত সেই বিশেষ চৰিত্ৰটো যদি জীৱন্ত ৰূপত প্ৰকাশ কৰা নহয়, তেন্তে দৰ্শকে ছবিখন আদৰি নল'ব । উল্লেখ্য যে, মথুকুট্টী জেভিয়াৰ এই ছবিখনৰ বাবে ইণ্ডিৰা গান্ধী বঁটাৰ শ্ৰেষ্ঠ নবাগত নিৰ্দেশকৰ সন্মান লাভ কৰিছে ।
লগতে পঢ়ক:মুম্বাইৰ বিভিন্ন স্থানত কেমেৰাত বন্দী শ্বাহিদ কাপুৰ, ৰেম' ডিচুজা