ETV Bharat / sitara

সৰু সৰু কথাতে খং উঠে নেকি আলিয়া ভাটৰ ?

বলীউড তাৰকা আলিয়া ভাটৰ সৰু সৰু কথাতে সোনকালে খং উঠে নেকি ? কি খায় ভাল পায় আলিয়াই ? 'সঁচা নে মিছা' খেল খেলি থকাৰ সময়ত এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ দিলে আলিয়াই । মঙলবাৰে ইনষ্টাগ্ৰাম পোষ্টযোগে শ্বেয়াৰ কৰা এটা ভিডিঅ'ত আলিয়াই খং উঠা সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰ দিয়া দেখা গৈছে ।

সৰু সৰু কথাতে খং উঠে নেকি আলিয়া ভাটৰ ?
সৰু সৰু কথাতে খং উঠে নেকি আলিয়া ভাটৰ ?
author img

By

Published : Feb 2, 2021, 8:20 PM IST

চিটাৰা ডেস্ক, ২ ফেব্ৰুৱাৰী: খেলৰ মাজেৰে খং উঠা সন্দৰ্ভত কেতবোৰ প্ৰশ্নৰ উত্তৰ দিলে বলীউড তাৰকা আলিয়া ভাটে । অনুৰাগীৰ সৈতে 'সঁচা নে মিছা' খেল খেলি থকাৰ সময়ৰ এটা ভিডিঅ' ইনষ্টাগ্ৰাম পোষ্টযোগে শ্বেয়াৰ কৰিছে অভিনেত্ৰীগৰাকীয়ে । খেলৰ মাজতে এগৰাকী অনুৰাগীয়ে আলিয়া ভাটৰ সৰু সৰু কথাতে সোনকালে খং উঠে নেকি বুলি প্ৰশ্ন কৰে । সেই প্ৰশ্নৰ উত্তৰত আলিয়াই কয় যে, 'মই সঁচা কথা ক'ম । মোৰ সৰু সৰু কথাতে খং উঠে যদিও মই ইয়াক নিয়ন্ত্ৰণ কৰাৰ বাবে চেষ্টা কৰি আছো ।'

খেল খেলি থকাৰ মাজতে আলিয়াই অনুৰাগীৰ প্ৰশ্নৰ উত্তৰত কয় য়ে, তেওঁ বজাৰ কৰা, খাদ্য ৰন্ধাৰ প্ৰতি আগ্ৰহী নহয় । তেওঁ কয় যে, যদি তেওঁক দোকানলৈ লৈ যোৱা হয় তেন্তে বিবুদ্ধিত পৰিব আৰু সোনকালে দোকানৰ পৰা ওলাই আহিব । লগতে অনলাইন শ্ব'পিঙে তেওঁৰ বজাৰ কৰাৰ ক্ষেত্ৰত বহুখিনি পৰিৱৰ্তন আনিছে বুলিও জানিবলৈ দিয়ে । আলু আৰু চকলেট আলিয়াৰ প্ৰিয় খাদ্য বুলি অনুৰাগীৰ আগত প্ৰকাশ কৰে অভিনেত্ৰীগৰাকীয়ে ।

লগতে ঘৰতে ৰন্ধা ভাৰতীয় খাদ্য খাই ভাল পায় বুলিও জনালে আলিয়াই । কুকুৰ, মেকুৰীকো যথেষ্ট মৰম কৰে বুলি প্ৰকাশ কৰিলে অভিনেত্ৰীগৰাকীয়ে । বৰ্তমান আলিয়াই সঞ্জয়লীলা ভাঞ্চালীৰ 'গংগুবাই কাথিয়াৱাড়ী' ছবিখনৰ দৃশ্যগ্ৰহণত ব্যস্ত হৈ আছে ।

লগতে পঢ়ক:উত্তৰ গুৱাহাটীত বিশেষভাৱে সক্ষম লোকৰ বাবে স্বাস্থ্য শিবিৰ মুকলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.