চিটাৰা ডেস্ক, ৫ জানুৱাৰী: আগন্তুক ছবি 'আদিপুৰুষ'ত 'ৰাৱন'ৰ চৰিত্ৰ ৰূপায়ণ কৰিব অভিনেতা ছৈফ আলী খানে । মহাকাব্য ৰামায়ণৰ আধাৰত নিৰ্মিত ছবিখনত বাহুবলী অভিনেতা প্ৰভাসে ৰূপায়ণ কৰিব প্ৰভু শ্ৰী ৰামৰ চৰিত্ৰ । ছৈফ আলী খানে ৰূপায়ণ কৰিবলগীয়া চৰিত্ৰটোৰ বিষয়ে ক'বলৈ গৈ ছবিখনৰ ডায়েলগ আৰু গীত ৰচোতা মনোজ মুণ্টাশিৰে কয় যে,ছৈফে এগৰাকী শক্তিশালী ৰজাৰ চৰিত্ৰ ৰূপায়ণ কৰিব । আন এক সুত্ৰই প্ৰকাশ কৰা মতে,ছৈফক এগৰাকী বিশাল ব্যক্তিত্বৰ ব্যক্তি হিচাপে দেখুওৱাৰ লগতে বিশেষ কৌশল ব্যৱহাৰ কৰি তেওঁৰ উচ্চতা ৮-৯ ফুটলৈ বৃদ্ধি কৰা দেখুওৱা হ'ব ।
- " class="align-text-top noRightClick twitterSection" data="
">
ছৈফৰ প্ৰকৃত উচ্চতা ৫ ফুট ৫ ইঞ্চি । ডাঠ মোচ আৰু দীঘল চুলিৰে ব্যতিক্ৰমী ৰূপত দেখা পোৱা যাব ৫০ বছৰীয়া অভিনেতাজনক । সম্প্ৰতি নিজৰ দেহৰ অধিক যত্ন লোৱা দেখা গৈছে ছৈফক । আনহাতে,বিগত বৰ্ষৰ ডিচেম্বৰ মাহত ছবিখনত তেওঁ ৰূপায়ণ কৰিবলগীয়া চৰিত্ৰটোৰ বিষয়ে কিছু কথা ৰাজহুৱা কৰি সমালোচনাৰ সন্মুখীন হৈছিল । একাংশ লোকে তেওঁ ছবিখনৰ আঁতৰাবলৈ দাবী জনাইছিল ।
এতিয়া ছৈফৰ পক্ষ লৈ লিখক মনোজে কৈছে যে,ছৈফক অনুৰাগীয়ে ভুল বুজিছে । তেওঁ কয় যে,ৰাৱনৰ চৰিত্ৰত সদায় এজন বেয়া ৰজাৰ ৰূপত উপস্থাপন কৰি অহা হৈছে । কিন্তু তেওঁলোকৰ এই ছবিখনত ৰাৱনৰ নিষ্ঠুৰ,দাম্ভিক আৰু দুখত থকা আটাইকেইটা দিশ দাঙি ধৰা হ'ব । অহা ১৯ জানুৱাৰীৰ পৰা মুম্বাইৰ ষ্টুডিঅ'ত ছবিখনৰ দৃশ্যগ্ৰহণ আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে ছবি নিৰ্মাতাই । ওম ৰাৱতে নিৰ্দেশনা কৰা 'আদিপুৰুষ' ছবিখনে হিন্দী,তেলেগু,তামিল,মালায়ালম আৰু কানাড়া ভাষাত মুক্তি লাভ কৰিব ।
লগতে পঢ়ক:ইনষ্টাগ্ৰাম পোষ্টযোগে পত্নীৰ ফটো শ্বেয়াৰ কৰিলে আলী আব্বাছ জাফৰে