চিটাৰা ডেস্ক,১৩ মাৰ্চ: বলীউডৰ ছুপাৰষ্টাৰ ঋত্বিক ৰোছনৰ প্ৰাক্তন পত্নী ছুজেন খানে আকৌ এবাৰ প্ৰেমৰ বান্ধোনেৰে বান্ধ খোৱাৰ মন মেলিছে । এক সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি বৰ্তমান টেলিভিছনৰ ধাৰাবাহিকৰ অভিনেতা আৰ্ছলান গ'নিৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠিছে ছুজেনৰ । ২০১৪ চনত ঋত্বিক ৰোছনৰ সৈতে বিবাহ বিচ্ছেদ ঘটাৰ পিছত বন্ধুৰ জৰিয়তে ছুজেনে আৰ্ছলান গ'নিক লগ পাইছিল ।
লক ডাউনৰ সময়ত পুত্ৰ ঋহান আৰু ঋধানৰ চোৱা-চিতাৰ বাবে যেতিয়া ছুজেনে ঋত্বিকৰ সৈতে থাকিবলৈ লৈছিল ৷ তেতিয়া অনুৰাগীসকলে ভাবিছিল যে, ছুজেন-ঋত্বিকৰ মাজত ব্যৱধান দূৰ হৈছে । অৱশ্যে, আৰ্ছলানৰ সৈতে শেহতীয়া ডেটিঙৰ উৰা বাতৰিয়ে ছুজেন-ঋত্বিকৰ মাজৰ সম্পৰ্ক পুনৰ আগৰ দৰে নোহোৱাকে সূচাইছে । ৱেবলয়ডত প্ৰকাশিত তথ্য অনুসৰি, ছুজেনে 'জিয়া অউৰ জিয়া' ধাৰাবাহিকৰ অভিনেতা আৰ্ছলান গ'নিৰ সৈতে সম্পৰ্ক গঢ়ি তুলিছে ।
- " class="align-text-top noRightClick twitterSection" data="
">
আৰ্ছলান গ'নি বিগ বছ-১৪ ৰ প্ৰতিযোগী এলী গ'নিৰ সম্পৰ্কীয় ককায়েক । বিগত ৬ মাহৰো অধিক সময় ধৰি ছুজেন আৰু আৰ্ছলানৰ মাজত যোগাযোগ আছিল ৷ পিছত বন্ধুৰ জৰিয়তে তেওঁলোকে লগ পায় । দুয়োৰে একেলগে থকা ফটো দেখিলে অনুমান কৰিব পাৰি যে, দুয়োৰে মাজৰ বন্ধুত্বৰ সম্পৰ্কই লাহে লাহে প্ৰেমৰ ৰূপ পাইছে ।
- " class="align-text-top noRightClick twitterSection" data="
">
উল্লেখ্য যে, ২০২০ চনৰ ডিচেম্বৰ মাহত ঋত্বিকে বেংগালুৰুত ছুজেনৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল ৷ ২০০৬ চনত ঋহান তেওঁলোকৰ জীৱনলৈ আহে । ইয়াৰ পিছত ২০০৮ চনত দ্বিতীয় সন্তান ঋধানক জন্ম দিয়ে ছুজেনে । ২০১৩ চনৰ পৰাই ঋত্বিক আৰু ছুজেনে পৃথকে থাকিবলৈ লয় আৰু ২০১৪ চনত তেওঁলোকৰ বিবাহ বিচ্ছেদ ঘটে ।
- " class="align-text-top noRightClick twitterSection" data="
">
লগতে পঢ়ক: দীপিকাৰ সৈতে ৰণবীৰৰ শেহতীয়া ফটো শ্বেয়াৰ