চিটাৰা ডেস্ক, 26 ফেব্ৰুৱাৰী: সামাজিক মাধ্যমত হৃত্বিক ৰোশনৰ এটা পোষ্টে লগাইছে তোলপাৰ ৷ শুকুৰবাৰে পুনেত এটা গানৰ অনুষ্ঠান আছিল শ্বাবা আজাদৰ ৷ তাৰ বাবে শুভেচ্ছা জনাই চুপাৰষ্টাৰ জনে নিজৰ ইন্ষ্টাগ্ৰাম ষ্টোৰীত শ্বেয়াৰ কৰিলে শ্বাবাৰ ফটো (Hrithitk roshan gives shoutout to Saba azad) ৷
শ্বাবা-হৃত্বিকৰ সম্পৰ্ককলৈ চলি থকা উৰা বাতৰিত ইন্ধন যোগালে হৃত্বিকৰ এই পোষ্টে ৷ শ্বাবাৰ অৰিজিনেল ইন্ষ্টাগ্ৰাম একাউণ্ট টেগো কৰিলে অভিনেতাজনে ৷ শ্বাবাৰ সৈতে প্ৰেমৰ বাতৰি প্ৰচাৰ হৈ থকাৰ পিছত প্ৰথমবাৰৰ বাবে হৃত্বিকে সামাজিক মাধ্যমত এনেদৰে পোষ্ট কৰে ৷
শ্বাবাই হৃত্বিকৰ পৰিয়ালৰে সৈতেও পাৰ কৰিছে সময় ( Hrithik Saba dating) ৷ অভিনেতাজনৰ খুৰাক তথা সংগীতকাৰ ৰাজেশ ৰোশনে এখন ফটো শ্বেয়াৰ কৰিছিল য’ত হৃত্বিকৰ পৰিয়ালৰ সদস্যৰে সৈতে দেখা পোৱা গৈছিল শ্বাবাক ৷
হৃত্বিকৰ প্ৰাক্তন পত্নী চুজেইন অলপতে শ্বাবাৰ এটা অনুষ্ঠানৰ পিছত প্ৰশংসা কৰিছিল শ্বাবাক ৷ প্ৰত্যুত্তৰত শ্বাবাইয়ো চুজেইনক অনুষ্ঠানত উপস্থিত থকাৰ বাবে ধন্যবাদ জনাইছিল ৷ দুটাকৈ পুত্ৰ সন্তান থকা হৃত্বিক আৰু চুজেইন 2014 ত পৃথক হৈছিল ৷
মুম্বাইৰ এখন ৰেস্তোৰাৰ পৰা হাতত হাত ধৰি ওলাই অহাৰ পিছৰে পৰা চৰ্চিত হৈ আছে হৃত্বিক শ্বাবাৰ সম্পৰ্ক (Hrithik roshan Saba azad relationship) ৷
লগতে পঢ়ক: Shahid Kapoor Film Career: 5 খন চিনেমাই বচাইছিল শ্বাহিদৰ অভিনয় কেৰিয়াৰ