ETV Bharat / sitara

50 বছৰীয়া হ'ল বলীউডৰ নবাব চেইফ আলী খান - চেইফ আলী খানৰ 50 সংখ্যক জন্মদিন

বলীউডৰ নবাব খান খ্যাত চেইফ আলী খানৰ আজি 50 সংখ্যক জন্মদিন ৷ আহকচোন জন্মদিনত চাও তেওঁৰ বিষয়ে কিছু কথাঃ

HBD Saif Ali Khan! How a misfit in Bollywood rose to claim his versatility
50 বছৰীয়া হ'ল বলীউডৰ নবাব চেইফ আলী খান
author img

By

Published : Aug 16, 2020, 7:29 PM IST

চিটাৰা ডেস্ক,16 আগষ্টঃ অভিনেতা চেইফ আলী খান নিজৰ অভিনয়ৰ বাবে মানুহৰ মাজত যথেষ্ট জনপ্ৰিয় ৷ তেওঁ স্ব প্ৰতিভাৰে নিজৰ সুকীয়া পৰিচয় গঢ়িবলৈ সক্ষম হৈছে ৷ বলীউডৰ চকলেটী বয় খ্যাত অভিনেতা চেইফ আলী খানে অভিনয়ৰ বাহিৰেও অন্য এটা কথাৰ বাবেও চৰ্চাৰ মাজত থাকে ৷ তেওঁ পৰিচিত এগৰাকী প্ৰেমিক হিচাপে ৷ কাৰণ প্ৰেমত পৰি তেওঁ প্ৰথমবাৰ তেওঁতকৈ বাৰ বছৰ ডাঙৰ অভিনেত্ৰীৰ সৈতে বিবাহপাশত আৱদ্ধ হয় আকৌ থিক তেনেদৰে দ্বিতীয়বাৰ তেওঁতকৈ দহ বছৰ সৰু অভিনেত্ৰীৰ সৈতে প্ৰেমত পৰি পুনৰ বিবাহপাশত আৱদ্ধ হয় ৷

50 বছৰীয়া হ'ল চেইফ আলী খান ৷ 1970 চনৰ 16 আগষ্টত জন্ম হৈছিল বলীউডৰ নবাব চেইফ আলী খানৰ ৷ অভিনেতা গৰাকীৰ মাতৃ হৈছে বলীউডৰ প্ৰসিদ্ধ অভিনেত্ৰী শৰ্মিলা টেগ'ৰ আৰু পিতৃ জনপ্ৰিয় ক্ৰিকেটাৰ মঞ্চুৰ আলী খান পটৌডী ৷ নবাবী আন্দাজৰ বাহিৰে নিজৰ কিউটনেছৰ বাবে দৰ্শকৰ মাজত যথেষ্ট জনপ্ৰিয় অভিনেতা গৰাকী ৷ চেইফ আলী খানে বলীউডত প্ৰায় দুটা দশক সম্পূৰ্ণ কৰিলে ৷ এই সময়খিনিত তেওঁ বিভিন্ন ধৰণৰ চৰিত্ৰ ৰূপায়ন কৰিছে ৷ হিৰ' আৰু একচন হিৰ' দুয়োটা ধৰণেৰে মানুহে যথেষ্ট পচন্দ কৰে অভিনেতা গৰাকীক ৷ চেইফ আলী খানে আমেৰিকাত শিক্ষা গ্ৰহণ কৰাৰ পিছত 1992 চনত বলীউডত ভৰি দিয়ে ৷ তেওঁৰ প্ৰথম ছবি আছিল পৰম্পৰা ৷ ছবি খন ফ্লপ হৈছিল, কিন্তু অভিনেতা গৰাকীৰ অভিনয়ে যথেষ্ট সমাদৰ লাভ কৰিলে দৰ্শকৰ পৰা ৷

HBD Saif Ali Khan! How a misfit in Bollywood rose to claim his versatility
চেইফ আলী খানৰ প্ৰথম ছবি পৰম্পৰাৰ দৃশ্য

1993 চনত অভিনেতা গৰাকীয়ে অভিনয় কৰে আছিক আৱাৰা নামৰ ছবিখনত ৷ নিজৰ এই ছবিখনৰ বাবে অভিনেতা গৰাকীয়ে নৱাগত অভিনেতাৰ শিতানত ফিল্ম ফেয়াৰ এৱাৰ্ড লাভ কৰিবলৈ সক্ষম হৈছে ৷ তাৰ পিছত মুক্তি লাভ কৰিলে তেওঁৰ পেহচান, ইমতিহান, য়ে দিল্ল'গীৰ দৰে ছবি ৷ 1994 চনত চেইফে মে খিলাড়ী তু অনাড়ী শীৰ্ষক ছবিখনত অভিনয় কৰিলে অভিনেতা অক্ষয় কুমাৰৰ সৈতে ৷ আৰু তাৰ পিছৰ পৰাই অভিনেতা গৰাকী যথেষ্ট জনপ্ৰিয় হৈ পৰিল জনমানসত ৷ চেইফ আলী খান আৰু অক্ষয় কুমাৰৰ যুটিক যথেষ্ট পচন্দ কৰে দৰ্শক সকলে ৷

য়ে দিল্ল'গী ছবিত কাজলৰ সৈতে চেইফ আলী খান

2004 চনটো অভিনেতা গৰাকীৰ কেৰিয়াৰৰ যথেষ্ট গুৰুত্বপূৰ্ণ বছৰ হিচাপে পৰিচিত হ'ল ৷ এই বছৰতে অভিনেতা গৰাকীয়ে হাম তুম নামৰ ছবিখনত অভিনয় কৰিছিল , যাৰ বাবে তেওঁ সৰ্বশ্ৰেষ্ঠ অভিনেতা শিতানত ৰাষ্ট্ৰীয় ফিল্ম পুৰস্কাৰ লাভ কৰিছিল ৷ তাৰ পিছৰ পৰাই তেওঁ আৰু পিছলৈ ঘূৰি চাব লগা হোৱা নাই ৷ পৰিণীতা (2005) , ঔমকাৰা (2006), তা ৰা ৰম পম ( 2007), ৰেচ (2008), লাভ আজ কাল (2009), ককটেইল(2012)ৰ দৰে ছবিত অভিনয় কৰি অভিনেতা গৰাকীয়ে নিজৰ এক সুকীয়া পৰিচয় গঢ়িবলৈ সক্ষম হয় ৷

লাভ আজ কাল ছবিত দীপিকা পাডুকনৰ সৈতে

2017 চনত চেইফ আলী খানৰ কালাকাণ্ডী আৰু 2018 চনত বাজাৰ ছবিখনে মুক্তি লাভ কৰিছিল ৷ দুইখন ছবিয়ে যথেষ্ট পচন্দ কৰিছিল ৷

ছবি জাৱানী জানেমন আৰু তানহাজী ছবিত চেইফ আলী খান

যোৱাটো বৰ্ষত তেওঁৰ জন্মদিনৰ দিনা লাল কাপ্তান নামৰ ছবিখনে মুক্তি লাভ কৰিছিল ৷ ইয়াৰ পিছত তানহাজী আৰু জাৱানী জানেমন ছবিখনে মুক্তি লাভ কৰে ৷ দুয়োখন ছবিতে চেইফ আলী খানৰ অভিনয়ক দৰ্শকে যথেষ্ট শলাগিলে ৷ দুয়োখন ছবিয়ে বক্স অফিচত যথেষ্ট ধামাকাৰ সৃষ্টি কৰিবলৈ সক্ষম হয় ৷

চেক্ৰেড গেমছত সৰতাজ সিঙৰ চৰিত্ৰত

শেহতীয়াকৈ অভিনেতা গৰাকীক সুশান্ত সিং ৰাজপুত অভিনীত ছবি দিল বেচাৰাৰ এটা কেমিঅ' চৰিত্ৰত দেখিবলৈ পোৱা গৈছিল ৷

টিম দিল বেচাৰাৰ সৈতে চেইফ আলী খান

চেইফ আলী খানৰ আহিবলগীয়া ছবিৰ কথালৈ চালে, আহি আছে তেওঁৰ নতুন ছবি বান্টী অৰ বাবলী 2, ভূত পুলিচ আৰু গ' গোৱা গানৰ চিকুৱেলত ৷

বান্টি অৰ বাবলী2ত ৰাণী মুখাৰ্জীৰ সৈতে

তেওঁৰ ব্যক্তিগত জীৱনলৈ চালে , চেইফ আৰু পত্নী কৰীণা কাপুৰ পুনৰ পিতৃ-মাতৃ হ'বলৈ ওলাইছে ৷ অভিনেতা গৰাকীৰ জন্মদিনটোত ইটিভি ভাৰতৰ তৰফৰ পৰাও জনালো অলেখ শুভকামনা ৷

লগতে পঢ়কঃসঞ্জয় লীলা ভাঞ্চালীৰ কাৰ্যালয়লৈ আলিয়া ভাট আৰু ৰণবীৰ কাপুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.