ETV Bharat / sitara

Happy Birthday Mohammed Rafi : ভাৰতীয় সংগীতৰ প্ৰাণ স্বৰূপ মহম্মদ ৰফীলৈ জন্মদিনত সোঁৱৰণ - Happy Birthday Mohammed Rafi

সংগীতৰ জগতখনলৈ অসীম অৱদান আছে এইজনা শিল্পীৰ ৷ তেওঁৰ কণ্ঠৰে নিগৰি অহা সুৰৰ লহৰে সকলোকে আকৰ্ষিত কৰে ৷ নামেই যাৰ পৰিচয়, মহম্মদ ৰফী চাহাব ৷ চিৰসেউজ এই যাদুকৰী কণ্ঠৰ গৰাকীলৈ ইটিভি ভাৰত চিটাৰাৰ তৰফৰ পৰা জন্ম-জয়ন্তীৰ শুভেচ্ছা থাকিল...

birthday wishes to mohammad rafi
সংগীতজ্ঞ মহম্মদ ৰফীৰ আজি 97 সংখ্যক জন্মদিন
author img

By

Published : Dec 24, 2021, 1:03 PM IST

চিটাৰা ডেস্ক, 24 ডিচেম্বৰ : ভাৰতীয় সংগীত ক্ষেত্ৰখনৰ ভোটাতৰা স্বৰূপ মহম্মদ ৰফীৰ আজি 97 সংখ্যক জন্ম-জয়ন্তী (Birth Anniversary of Mohammad Rafi) ৷ অসংখ্য গানেৰে সংগীত ক্ষেত্ৰখনক অন্য এক মাত্ৰা প্ৰদান কৰা এইজনা মহান মনিষীৰ চিৰসেউজ গীতবোৰ প্ৰজন্মৰ পিছত প্ৰজন্ম বিয়পি আজিও সকলোৰে মাজত সমানে জনপ্ৰিয় ৷

1924 চনৰ 24 ডিচেম্বৰত জন্মগ্ৰহণ কৰা মহম্মদ ৰফী আছিল ভাৰতীয় চলচিত্ৰ জগতৰ নেপথ্যৰ এগৰাকী প্ৰভাৱশালী গায়ক ৷ প্ৰতিজন অভিনেতাৰ কণ্ঠৰ লগত মিলি যোৱাকৈ তেওঁ কণ্ঠ দিব পৰাকৈ এক বিশেষ কলাৰ অধিকাৰী আছিল তেওঁ ৷

birthday wishes to mohammad rafi
সংগীতজ্ঞ মহম্মদ ৰফীৰ আজি 97 সংখ্যক জন্মদিন

চাৰিটাকৈ ফিল্মফেয়াৰ বঁটা আৰু এটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰা মহম্মদ ৰফীক ভাৰত চৰকাৰে 1967 চনত পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰে ৷ 2001 চনত হিৰোহোণ্ডা আৰু ষ্টাৰডাষ্ট আলোচনীৰ দ্বাৰা তেখেতক "সহস্ৰাব্দৰ শ্ৰেষ্ঠ গায়ক" উপাধিৰে সন্মানিত কৰা হয় ৷ 2013 চনত এইজনা শিল্পীৰ নামত চিএনএন-আইবিএনৰ জৰীপত হিন্দী চিনেমাৰ সৰ্বশ্ৰেষ্ঠ কণ্ঠ শাখাত ভোট দিয়া হৈছিল ৷

প্ৰায় এক হাজাৰৰো অধিক হিন্দী চলচ্চিত্ৰৰ গানত কণ্ঠদান কৰা মহম্মদ ৰফীয়ে ভাৰতীয় ভাষাৰ লগতে আন বিদেশী ভাষাতো গানৰ চৰ্চা কৰিছিল ৷ উৰ্দু আৰু পাঞ্জাৱী ভাষাৰ ওপৰত তেওঁৰ যথেষ্ট আধিপত্য থকাৰ বাবে এই দুটা ভাষাত সৰ্বাধিক সংগীত চৰ্চা কৰিছিল । নিজৰ সমগ্ৰ কেৰিয়াৰৰ কালছোৱাত বিভিন্ন ভাষা উপভাষা যেনে অসমীয়া, ভোজপুৰী, ওড়িয়া, বাংলা, মাৰাঠী, সিন্ধি, কানাড়া, গুজৰাটী, তামিল, তেলেগু আদিত প্ৰায় 7,000 টা গান ৰেকৰ্ড কৰিছিল ৷ ভাৰতীয় ভাষাৰ উপৰিও তেওঁ ইংৰাজী, ফৰাচী, আৰবী আদি ভাষাতো নিজৰ কণ্ঠৰে সংগীত পৰিৱেশন কৰি অভিলেখ সৃষ্টি কৰিছিল ৷

তেওঁৰ বিখ্যাত কেইটামান হিন্দী গান

Kya hua tera wada

Chura liya hain tumne jo dilko

Khoya khoya chand khula aasman

Likhe jo khat tujhe

Baharo phool barsawo

Bahaaron Phool Barsao. Rajshri

Ehsaan Tera Hoga Mujh Par

Suhani Raat Dhal Chuki

Kya Hua Tera Wada

Woh Jab Yaad Aaye

Hum Kisise Kum Nahin আজিও সকলোৰে মুখে মুখে...

মহম্মদ ৰফীয়ে কণ্ঠ নিগৰোৱা দুটি অতি জনপ্ৰিয় অসমীয়া গীত হৈছে অসমীৰে চোতালতে ৰ’দালিৰে চেনেহতে আৰু মোৰ দৃষ্টিত তুমি ধৰা পৰিলা ৷

ৰফীয়ে ওস্তাদ আব্দুল ৱাহিদ খান, পণ্ডিত জীৱন লাল মাট্টু আৰু ফিৰোজে নিজামীৰ পৰা শাস্ত্ৰীয় সংগীতৰ শিক্ষা লৈছিল ৷ 13 বছৰ বয়সত প্ৰথমবাৰৰ বাবে লাহোৰত কে এল চাইগলৰ সৈতে গান গাইছিল ৰফীয়ে ৷ 1944 চনত ৰফীয়ে অল ইণ্ডিয়া ৰেডিঅ' লাহোৰ ষ্টেচনৰ পৰা গান গাবলৈ আমন্ত্ৰণ লাভ কৰিছিল ৷ তেওঁ 1945 চনত ‘গাঁও কি গোৰী’ হিন্দী চলচ্চিত্ৰত আত্মপ্ৰকাশ কৰিছিল ৷

দুবাৰকৈ বিয়াত বহা ৰফীৰ চাৰিজন পুত্ৰ আৰু তিনিগৰাকী কন্যা আছিল ৷ বেডমিণ্টন, কেৰম খেলি আৰু চিলা উৰুৱাই ভাল পোৱা এইগৰাকী শিল্পীৰ 55 বছৰ বয়সত হৃৎযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু ঘটিছিল ৷ মৃত্যুৰ 30 তম বাৰ্ষিকীত শ্ৰদ্ধা জনাই তেওঁৰ পুত্ৰ শ্বাহিদ ৰফীয়ে 2010 চনৰ 31 জুলাইত মুম্বাইত ভাৰতীয় শাস্ত্ৰীয় সংগীত আৰু সমসাময়িক সংগীতৰ প্ৰশিক্ষণ দিয়াৰ মানসেৰে মহম্মদ ৰফী একাডেমী আৰম্ভ কৰিছিল ৷

লগতে পঢ়ক : Gadar Ek Prem Katha sequel: চিত্ৰগ্ৰহণ সম্পূৰ্ণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.