ETV Bharat / sitara

অভিনেতা আদিল হুছেইনলৈ জন্মদিনৰ শুভেচ্ছা

author img

By

Published : Oct 5, 2021, 2:30 PM IST

58 বছৰ বয়সত ভৰি দিলে অসম সন্তান তথা বলীউডৰ অভিনেতা আদিল হুছেইন(Adil Hussain)য়ে ৷ 7 বছৰ বয়সৰ পৰাই অভিনয়ৰ যাত্ৰা আৰম্ভ কৰা আদিল হুছেইনে অভিনেতা হিচাপে লাভ কৰা সফলতাৰ চমু অৱলেকন...

happy birthday to actor adil hussain
আদিল হুছেইনলৈ জন্মদিনৰ শুভেচ্ছা

চিটাৰা ডেস্ক, 5 অক্টোবৰ : আজি অসম সন্তান তথা বলীউডৰ অভিনেতা আদিল হুছেইন(Adil Hussain)ৰ জন্মদিন ৷ 1963 চনৰ আজিৰ দিনটোতে অসমৰ গোৱালপাৰা জিলাত জন্মগ্ৰহণ কৰিছিল এইগৰাকী অসম গৌৰৱে ৷ অভিনয়ৰ কেৰিয়াৰত বহুকেইখন সফল চলচ্চিত্ৰত অভিনয় কৰাৰ সুযোগ লাভ কৰিছে আদিল হুছেইনে । 7 বছৰ বয়স তথা বিদ্যালয়ত পঢ়ি থকা কালৰ পৰাই অভিনয়ৰ যাত্ৰা আৰম্ভ কৰিছিল অভিনেতাগৰাকীয়ে ৷

adil hussain
আদিল হুছেইন

তাৰ পাচত তেওঁ তেওঁ কলেজত পঢ়ি থকা সময়তো বহুবাৰ অভিনয় কৰাৰ সুযোগ পায় ৷ সেই সময়ত তেওঁ থিয়েটাৰতো কাম কৰিবলৈ আৰম্ভ কৰে । খুব কমসংখ্যক লোকেই জ্ঞাত যে, নেশ্যনেল স্কুল অৱ ড্ৰামা(National School of Drama)ৰ পৰা অভিনয়ত শিক্ষালাভ কৰাৰ পাচত আদিল হুছেইনে লণ্ডনৰ ড্ৰামা ষ্টুডিঅ’ত অভিনয়ৰ উচ্চশিক্ষা লাভ কৰিছিল ।

adil hussain
আদিল হুছেইন

কিন্তু তেওঁ অসমীয়া ভাষাৰ চলচ্চিত্ৰৰ যোগেদিয়েই অভিনয়ৰ যাত্ৰা আৰম্ভ কৰিছিল ৷ 1986 চনত মুক্তিলাভ কৰা ‘সংকল্প’ আছিল আদিল হুছেইন অভিনীত প্ৰথমখন অসমীয়া ছবি ৷ তাৰ পাচতে ‘সূত্ৰপাত’, ‘পিতা পুত্ৰ’ ‘ৰ’দৰ চিঠি’, আদি কেইবাখনো অসমীয়া চলচ্চিত্ৰত অভিনয় কৰিছিল অভিনেতাগৰাকীয়ে ৷

adil hussain
আদিল হুছেইন

ইয়াৰ পাচতে প্ৰথমে হিন্দী টিভি চিৰিজৰ জৰিয়তে ৰাষ্ট্ৰীয় পৰ্যায়ত অভিনয় আৰম্ভ হৈছিল আদিল হুছেইনৰ ৷ তেওঁ 2002-2003 চনলৈ সম্প্ৰচাৰিত হিন্দী চিৰিজ ‘জাছুছ বিজয়’ত অভিনয় কৰিছিল ৷ 2009 চনত মুক্তিলাভ কৰা বলীউড ছবি ‘কমিনে’ৰ জৰিয়তে তেওঁৰ বলীউডত আত্মপ্ৰকাশ ঘটিছিল ৷

adil hussain with A R Rahman
এ আৰ ৰহমানৰ সৈতে আদিল হুছেইন

কমিনে ছবিখনৰ পাচতে তেওঁ ‘ইস্কীয়া’, ‘এজেণ্ট বিনোদ’, ‘ইংলিছ ভিংলিছ’, ‘লাইফ অৱ পাই’, ‘লুতেৰা’, ‘কবিৰ সিং’ ‘দিল্লী ক্ৰাইম’ আদি বহুকেইখন হিন্দী বোলছবি আৰু কাম কৰিছিল ৷ শেহতীয়াকৈ ‘বেল বট্টম’ ছবিত দেখিবলৈ পোৱা গৈছে অভিনেতাগৰাকীক ৷ আদিল হুছেইনৰ অভিনয়ে তেওঁ বলীউডৰ লগতে হলীউডলৈও লৈ গৈছিল ৷ ‘For Real’, ‘The Illegal’, ‘At Large’ আদি বহুকেইখন ইংৰাজী ভাষাৰ ছবি আৰু ৱেব চিৰিজত অভিনয় কৰাৰ সুযোগ লাভ কৰে অভিনেতাগৰাকীয়ে ৷

adil hussain in life of pi
লাইফ অৱ পাইত আদিল হুছেইন

কেৱল অসমীয়া, হিন্দী আৰু ইংৰাজী ভাষাই নহয়; বঙালী, তামিল, মালায়ালম, মাৰাঠী ভাষাৰ ছবিতো সুকীয়া দখল আছে আদিল হুছেইনৰ ৷ কলেজীয়া বয়সত তেওঁ অভিনয়ৰ উপৰিও ষ্টেণ্ড-আপ কমেডী কৰিছিল । বলীউডৰ বহু অভিনেতাৰ নকল কৰিব পাৰে আদিল হুছেইনে ৷ তেওঁ প্ৰায় 6 বছৰ ধৰি ষ্টেণ্ড-আপ কমেডীয়ান হিচাপে কাম কৰিছিল ৷

adil hussain
আদিল হুছেইন

2017 চনত দুখন চলচ্চিত্ৰৰ বাবে ৰাষ্ট্ৰীয় বঁটা লাভ কৰে অভিনেতাগৰাকীয়ে । হিন্দী ছবি ‘মুক্তি ভৱন’ আৰু অসমীয়া ছবি ‘মাজৰাতি কেতেকী’ৰ বাবে তেওঁক ৰাষ্ট্ৰীয় পুৰষ্কাৰেৰে সন্মানিত কৰা হয় । তেতিয়াৰ পৰাই পূৰ্বৰ তুলনাত অধিক জনপ্ৰিয়তা লাভ কৰিছে এইগৰাকী অভিনেতাই ৷

আজি 58 বছৰ বয়সত ভৰি দিলে আদিল হুছেইনে ৷ নিজৰ সুদৃঢ় অভিনয়ৰে অসমবাসীৰ লগতে ভাৰতবাসীক গৌৰৱান্বিত কৰা অভিনেতা আদিল হুছেইনলৈ ইটিভি ভাৰত চিটাৰাৰ তৰফৰ পৰা থাকিল ওপজা দিনৰ হিয়াভৰা শুভেচ্ছা ৷

লগতে পঢ়ক : ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ শ্বাহৰুখ তনয় : বাদশ্বাহৰ সমৰ্থনত বলিউড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.