ETV Bharat / sitara

শুভ জন্মদিন শ্বাবানা আজমী - Shabana Azmi

আজি বলীউডৰ জ্যেষ্ঠ অভিনেত্ৰী শ্বাবানা আজমীৰ জন্মদিন ৷ দুৰ্দান্ত অভিনয়েৰে এসময়ত বলীউডত নিজস্ব পৰিচয় গঢ়ি তুলিছিল শ্বাবানা আজমীয়ে ৷ জন্মদিন উপলক্ষে অভিনেত্ৰীগৰাকীক ইটিভি ভাৰতৰ তৰফৰ পৰা অযুত শুভকামনা আৰু দীৰ্ঘায়ু কামনা কৰিলো...

Happy Birthday Shabana Azmi
শুভ জন্মদিন শ্বাবানা আজমী
author img

By

Published : Sep 18, 2021, 9:41 AM IST

নিউজ ডেস্ক, 18 ছেপ্তেম্বৰ : বলীউডৰ জ্যেষ্ঠ অভিনেত্ৰী বুলি ক’লে সততে মনলৈ অহা এগৰাকী অভিনেত্ৰী হৈছে শ্বাবানা আজমী ৷ বৰ্ষীয়ান অভিনেত্ৰীগৰাকীয়ে 1950 চনৰ 18 ছেপ্তেম্বৰত হায়দৰাবাদত জন্মগ্ৰহণ কৰিছিল ৷ বলীউডত অভিনেত্ৰীগৰাকীয়ে এক সুকীয়া স্থান দখল কৰি থৈছে ৷ বহুকেইখন হিন্দী চিনেমা, দুৰদৰ্শনত কৰা অভিনয়ৰ বাবে শ্বাবানা আজমীয়ে অভিলেখসংখ্যক পাঁচবাৰকৈ national film awards আৰু ফিল্মফেয়াৰ এৱাৰ্ডছ লাভ কৰিবলৈ সক্ষম হৈছিল ৷

Happy Birthday Shabana Azmi
ফটো সৌজন্য Google

অভিনয়ৰ সমানে ব্যক্তিগত জীৱনৰ বাবেও সেই সময়ত চৰ্চাত আছিল আজমী ৷ পিতৃ পৰিয়ালে সমৰ্থন নকৰাৰ পিছতো আজমীয়ে নিজতকৈ দহ বছৰৰ জ্যেষ্ঠ শিল্পী, গীতিকাৰ তথা সংগীত পৰিচালক জাভেদ আখতাৰৰ সৈতে বিবাহপাশত আৱদ্ধ হয় ৷ উল্লেখ্য যে, জাভেদ আখতাৰ পূৰ্বৰ পত্নীৰ ফালৰ পৰা দুটি সন্তানৰ পিতৃ আছিল ৷

লগতে পঢ়ক : বিশাল ভৰদ্বাজৰ স্পাই থ্ৰীলাৰ ছবি Khufiya ত দেখা যাব টাবুক

জাভেদ আখতাৰৰ সৈতে প্ৰথম সাক্ষাৎ

শ্বাবানা আজমী প্ৰখ্যাত গায়ক কৈফী আজমীৰ জীয়ৰী আছিল ৷ বলীউডত অভিনেত্ৰীগৰাকীয়ে খোপনি পুতিবলৈ চেষ্টা অব্যাহত ৰখা সময়ৰ কথা ৷ সেই সময়ৰ বিখ্যাত সংগীত শিল্পী, পৰিচালকসকলৰ ভিতৰত অন্যতম আছিল জাভেদ আখতাৰ ৷ সলীম খানৰ সৈতে একেলগে কাম কৰাৰ বাবে সেই সময়ত এই যুটিক সলীম-জাবেদ বুলিহে জনা গৈছিল ৷

Happy Birthday Shabana Azmi
ফটো সৌজন্য Google

জাভেদ আখতাৰে প্ৰায়ে কৈফী আজমীৰ ঘৰলৈ কবিতা শুনাবলৈ গৈছিল ৷ তাতেই আখতাৰৰ চিনাকী হয় শ্বাবানাৰ সৈতে ৷ প্ৰথমে বন্ধুত্ব, তাৰ পিছত প্ৰেম ৷ এই প্ৰেমে পৰৱৰ্তী সময়ত চিৰস্থায়ী সম্পৰ্কলৈ ৰূপান্তৰিত হয় ৷ কিন্তু এই সম্পৰ্কৰ কথা পোহৰলৈ অহাৰ পিছত শ্বাবানৰ পিতৃ ক্ষোভিত হৈ পৰে ৷ বহু ঘাত-প্ৰতিঘাতৰ অন্তত পিতৃয়ে শ্বাবানা-জাভেদৰ সম্পৰ্কক স্বীকৃতি দিবলৈ বাধ্য হয় ৷

Happy Birthday Shabana Azmi
ফটো সৌজন্য Google

জন্মদিন উপলক্ষে অভিনেত্ৰীগৰাকীলৈ ইটিভি ভাৰতৰ তৰফৰ পৰা যাচিলো একুঁকি শুভেচ্ছা ৷

লগতে পঢ়ক : দুৰ্গা পূজাৰ SOP সন্দৰ্ভত প্ৰতিক্ৰিয়া কণ্ঠশিল্পী দীপলীনা ডেকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.