চিটাৰা ডেস্ক, 16 আগষ্ট : 51 বছৰত ভৰি দিলে অভিনেতা ছেইফ আলী খান(Saif Ali Khan)য়ে ৷ 1970 চনৰ 16 আগষ্টত নতুন দিল্লীত এটি পাটাউদী নৱাব পৰিয়ালত জন্মগ্ৰহণ কৰিছিল অভিনেতাগৰাকীয়ে ৷ 1993 চনত যশ চোপ্ৰাৰ বেনাৰত মুক্তিলাভ কৰা ‘পৰম্পৰা’ ছবিখনৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ ঘটিছিল ছেইফৰ ৷
অৱশ্যে ৰোমাণ্টিক ছবি ‘দিল্লগী’ আৰু এক্সন ছবি ‘মে খিলাড়ী তু অনাড়ী’ৰ যোগেদিত বলীউডত নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল অভিনেতা ছেইফে ৷ কিন্তু 90ৰ দশকত তেওঁ অভিনয় কৰা ছবিসমূহে বিশেষ সফলতা লাভ কৰিব পৰা নাছিল ৷ পৰৱৰ্তী সময়ত 2001 চনত মুক্তি পোৱা ‘দিল চাহতা হ্যে’ আৰু 2003 চনত ‘কল হো না হো’ ছবি দুখনৰ জৰিয়তে ছেইফৰ কেৰিয়াৰে এক নতুন প্ৰভাত দেখিবলৈ পাইছিল ৷
অভিনেতাৰ বাহিৰেও ছেইফ আলী খান এগৰাকী বিশাল সম্পত্তিৰ গৰাকী ৷ দৰাচলতে ছেইফ আলী খান এজন ‘ছোটে নৱাব’ হিচাপে পৰিচিত ৷ জানিব পৰা মতে, পাটাউদী পৰিয়ালত জন্মগ্ৰহণ কৰা ছেইফৰ মুঠ নেটৱৰ্থ হৈছে 15 কোটি ডলাৰ ৷ অৰ্থাৎ 1129 কোটি টকা ৷
প্ৰথম পত্নী অভিনেত্ৰী অমৃতা সিং(Amrita Singh)ৰ সৈতে বিবাহ বিচ্ছেদ হোৱাৰ 13 বছৰ পাচত 2012 চনৰ 16 অক্টোবৰত অভিনেত্ৰী কৰীণা কাপুৰ(Kareena Kapoor)ৰ সৈতে পুনৰ যুগ্ম জীৱনৰ পাতনি মেলে ছেইফে ৷ ছেইফ আৰু অমৃতাৰ সন্তান অভিনেত্ৰী চাৰা আলী খান(Sara Ali Khan) আৰু ইব্ৰাহীম আলী খান ৷
আনহাতে ছেইফ আৰু কৰীণাৰো দুটা পুত্ৰ সন্তান আছে, যাৰ নাম হৈছে টাইমুৰ আলী খান আৰু জেহ আলী খান ৷ ছোটে নৱাবৰ জন্মদিনৰ শুভক্ষণত বলীউডবাসীৰ লগতে অনুৰাগীসকলে ছ’চিয়াল মিডিয়াযোগে শুভেচ্ছা জনাইছে ছেইফক ৷ ইটিভি ভাৰত চিটাৰাৰ তৰফৰ পৰাও থাকিল অভিনেতাগৰাকীলৈ জন্মদিনৰ হিয়াভৰা শুভেচ্ছা ৷
লগতে পঢ়ক : কেনেকৈ জন প্ৰকাশ ৰাওৰ পৰিচয় হৈ পৰিছিল জনি লিভাৰ ?