ETV Bharat / sitara

ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ শ্বাহৰুখ তনয় : বাদশ্বাহৰ সমৰ্থনত বলিউড - বলীউদ

ড্ৰাগছ আৰু নিচাযুক্ত দ্ৰব্যৰ ব্যৱহাৰৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল বলীউডৰ চুপাৰষ্টাৰ শ্বাহৰুখ খান পুত্ৰ আৰিয়ান খানক ৷ ইয়াৰ পিছতে এতিয়া কিং খানলৈ সমৰ্থন আগবঢ়োৱা দেখা গৈছে বলীউদৰ তাৰকা সকলক ৷

hansal-mehta-extends-support-to-shah-rukh-khan-amid-son-aryan-khans-arrest
ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ শ্বাহৰুখ তনয় : বাদশ্বাহৰ সমৰ্থনত বলিউড
author img

By

Published : Oct 4, 2021, 6:02 PM IST

চিতাৰা ডেস্ক, 4 অক্টোবৰ : বলীউডৰ চুপাৰষ্টাৰ শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানক ড্ৰাগছ আৰু নিচাযুক্ত দ্ৰব্যৰ ব্যৱহাৰৰ অভিযোগত গ্ৰেপ্তাৰ কৰাৰ পিছত বলিউডৰ তাৰকা সকলে কিং খানৰ সমৰ্থনত মন্তব্য আগবঢ়োৱা পৰিলক্ষিত হৈছে ৷ প্ৰখ্যাত চলচ্চিত্ৰ নিৰ্মাতা হনসল মেহতাই শ্বাহৰুখ খানলৈ সমৰ্থন প্ৰকাশ আগবঢ়োৱা মন্তব্য সমুখলৈ আহিছে ৷ আইনে বিষয়টো সন্দৰ্ভত কোনো ৰায়দান নকৰা পৰ্যন্ত এই সন্দৰ্ভত কোনোৱে একো সিদ্ধান্ত নোলোৱাৰ বাবে তেওঁ আহ্বান জনাইছে ।

হংসালে টুইট কৰি কয়, "এজন অভিভাৱকে সমস্যাত পৰা সন্তানৰ সৈতে মোকাবিলা কৰাটো বেদনাদায়ক । তেতিয়া বিষয়টো অধিক জটিল হৈ পৰে যেতিয়া আইনে সিদ্ধান্ত প্ৰকাশ কৰাৰ আগতেই মানুহে বিচাৰত উপনীত হ'বলৈ আৰম্ভ কৰে ৷ এইয়া পিতৃ-মাতৃ আৰু সন্তানৰ সম্পৰ্কৰ প্ৰতি অসন্মানজনক আৰু অন্যায় । এছ আৰ কে মই আপোনাৰ সৈতে আছো ৷ "

স্মৰ্তব্য যে, শনিবাৰে সন্ধিয়া নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰো চমুকৈ এনচিবিৰ এটা দলে কৰ্ডেলিয়া ক্ৰুজ জাহাজত ড্ৰাগছ গ্ৰহণ কৰাৰ অভিযোগত আৰিয়ান খানকে ধৰি আঠজন লোকক আটক কৰে ।

বাতৰিটো প্ৰকাশ হোৱাৰ লগে লগে, ছ'চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলৰ এটা অংশই আৰিয়ানক ট্ৰ'ল কৰিবলৈ আৰম্ভ কৰে । বহুতে আনকি শ্বাহৰুখ আৰু তেওঁৰ পত্নী গৌৰী খানৰ বিৰুদ্ধেও অপমানজনক মন্তব্য দিয়া দেখা গৈছিল । ছ'চিয়েল মিডিয়াত এনে প্ৰতিক্ৰিয়াৰ সাক্ষী হৈ অভিনেত্ৰী তথা পৰিচালক পূজা ভাটেও বাদশ্বাহ খানৰ সমৰ্থনত মন্তব্য প্ৰকাশ কৰিছে ।

তেওঁ টুইটাৰত লিখিছিল, "আপোনাক ইয়াৰ প্ৰয়োজন আছে বুলি নহয় কিন্তু মই আপোনাৰ সৈতে একাত্মতাৰে থিয় দিছো @iamsrk । এই সময় পাৰ হ'ব," । বিতৰ্ক চলি থকাৰ মাজতে, বলীউডৰ চুপাৰষ্টাৰ অভিনেতা চলমান খানে দেওবাৰে নিশা শ্বাহৰুখ খানৰ বাসগৃহত উপস্থিত হৈছিল । এনচিবি মুম্বাইৰ সঞ্চালক সমীৰ ৱানখেডেৰ মতে, "মুম্বাই উপকূলৰ ওচৰৰ এখন ক্ৰুজত এটা ৰেভ পাৰ্টিত চলোৱা অভিযানৰ সন্দৰ্ভত আৰিয়ান খান, আৰবাজ মাৰ্চেণ্ট, মুনমুন ধামেচা, নুপুৰ চাৰিকা, ইসমিত সিং, মোহক জাছৱাল, বিক্ৰান্ত ছোকাৰ, গোমিত চোপ্ৰাক সোধা-পোছাৰ বাবে আটক কৰা হৈছে । "

লগতে পঢ়ক : ৫ অক্টোবৰৰ পৰা গুৱাহাটী-নিউ হাফলঙৰ মাজত দৈনিক চলাচল কৰিব ভিষ্টাডম ৰে'ল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.