ETV Bharat / sitara

Gehraiyaan Trailer Out: বৃহস্পতিবাৰে মুকলি হোৱা ট্ৰেইলাৰে দেখুৱালে এক জটিল মানৱ সম্পৰ্ক

অহা ফেব্ৰুৱাৰীত মুক্তি হ’ব লগীয়া শকুন বাত্ৰা পৰিচালিত ‘Gehraiyaan’ৰ ট্ৰেইলাৰ বৃহস্পতিবাৰে মুকলি কৰা হয় (Gehraiyaan trailer released) ৷ ট্ৰেইলাৰটোত আৱেগৰ বশৱৰ্তী হৈ সৃষ্টি হোৱা জটিল সম্পৰ্কত মানুহ কিদৰে বান্ধ খাই মানসিক চাপত ভুগিব লগীয়া হয় সেয়া স্পষ্টকৈ দেখা পোৱা গ’ল ৷

author img

By

Published : Jan 21, 2022, 7:47 PM IST

gehraiyaan
‘Gehraiyaan’ ট্ৰেইলাৰে দেখুৱালে জটিল মানৱ সম্পৰ্ক

চিটাৰা ডেস্ক, 21 জানুৱাৰী : শকুন বাত্ৰাৰ আহিবলগীয়া নতুন ছবি ‘Gehraiyaan’ ৰ বৃহস্পতিবাৰে ট্ৰেইলাৰ মুকলি কৰা হয়(Gehraiyaan trailer released) ৷ ছবিখনৰ মুখ্য চৰিত্ৰত দীপিকা পাডুকন, সিদ্ধান্ত চতুৰ্বেদী, অনন্যা পাণ্ডে আৰু ধৈৰ্য কাৰৱাৰ লগতে নাছিৰুদ্দিন শ্বাহ আৰু ৰজত কাপুৰে অভিনয় কৰিছে ৷ ছবিখনত দীপিকাই আলিসাৰ চৰিত্ৰটো ৰূপায়ন কৰিছে (Deepika Padukone upcoming movie) ৷

বৃহস্পতিবাৰে ট্ৰেইলাৰ মুকলিৰ পিছত দীপিকাই কয় যে আলিচাৰ চৰিত্ৰটো তেওঁৰ জীৱনৰ অত্যন্ত কাষৰ আৰু বৰ্তমানলৈকে ৰূপায়ন কৰা চৰিত্ৰসমূহৰ ভিতৰত বিশেষ এটা প্ৰত্যাহ্বানমূলক চৰিত্ৰ (Deepika Padukone on Gehraiyaan) ৷ একে সময়তে আনন্দদায়ক আৰু প্ৰত্যাহ্বানমূলক হিচাপে নিজক স্ক্ৰীণত প্ৰতিষ্ঠা কৰিব লগীয়া হোৱাত নিজকে ধন্য মানিছে দীপিকাই ৷

  • " class="align-text-top noRightClick twitterSection" data="">

অভিনেত্ৰীগৰাকীয়ে লগতে কয়, যেতিয়া সম্পৰ্ক আৰু মানুহৰ আৱেগৰ সৈতে মোকাবিলা কৰাৰ কথা আহে শকুন বাত্ৰা আটাইতকৈ শ্ৰেষ্ঠ ৷ আনহাতে জৈনৰ চৰিত্ৰ ৰূপায়ন কৰা সিদ্ধান্ত চতুৰ্বেদীয়ে অনুভৱ কৰে যে, আমাৰ সকলোৰে মাজত একোজনকৈ জৈন সোমাই আছে ৷ জৈনৰ আশা-আকাংক্ষা, উচ্চাকাংক্ষা, নিজৰ সপোনৰ প্ৰতি আগ্ৰহ, তেওঁৰ জীৱনৰ কঠিন পৰিস্থিতি এই সকলোবোৰ আন্তঃসম্পৰ্কিত ৷

Viacom18 Studios, Dharma Productions আৰু শকুন বাত্ৰাৰ Jouska Films ৰ দ্বাৰা যুটীয়াভাৱে প্ৰযোজিত ছবিখন চলিত বৰ্ষৰ 11 ফ্ৰেব্ৰুৱাৰীত Prime Video ৰ জৰিয়তে World Premiere কৰা হ’ব ৷ প্ৰায় 240 খনৰো অধিক দেশত Prime Video ৰ জৰিয়তে মুক্তি দিয়া হ’ব ছবিখন (upcoming bollywood movies ott ) ৷

অনন্যা পাণ্ডেই শ্বুটিঙৰ দিন বোৰলৈ মনত পেলায় কয় যে এই টীমটোৰ লগত কাম কৰিবলৈ পোৱাটো তেওঁৰ জীৱনৰ High Point ৷ শ্বুটিং শেষ হোৱাটো তেওঁ বিচৰা নাছিল ৷ জটিল সম্পৰ্কৰ লগতে ‘Gehraiyaan’ ত প্ৰেমত পৰাৰ শিহৰণ, কেনেদৰে নিজক আৱিষ্কাৰ কৰিব পাৰি, জীৱন যুঁজত আগবাঢ়ি যাবলৈ কিদৰে পথ নিৰ্ণয় কৰিব পাৰি এই সমূহ বিষয়ো সামৰি লোৱা হৈছে ৷

অনন্যাই কয় টিয়া তেওঁৰ অন্যতম প্ৰিয় চৰিত্ৰ ৷ শকুন বাত্ৰাই আমাৰ প্ৰত্যেকজনৰ মাজৰ পৰা অনন্য ধৰণে সৰ্বশ্ৰেষ্ঠটো উলিয়াই আনিছে, সেয়া আশ্চৰ্যজনক । ধৈৰ্য কাৰৱাই কয়, "অভিনেতা এজনৰ কাম সৰ্বাধিক দৰ্শকৰ ওচৰলৈ যোৱাটো প্ৰতিজন অভিনেতাৰে সপোন। শকুন বাত্ৰাৰ দৰে এনেকুৱা এজন প্ৰতিভাশালী আৰু সৃষ্টিশীল পৰিচালকৰ সৈতে কাম কৰাৰ অভিজ্ঞতা মই চিৰদিনৰ বাবে মনত ৰাখিম । চিনেমাখনক লৈ দৰ্শকসকলে কেনে প্ৰতিক্ৰিয়া দেখুৱায় তাৰ বাবে মই অপেক্ষা কৰি ৰৈছো।"

লগতে পঢ়ক : Ayush Sharma Opens up About His Marriage : অৰ্পিতা খানৰে বিয়াৰ ৰহস্য ফাদিল কৰিলে আয়ুষ শৰ্মাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.