ETV Bharat / sitara

বিবাহৰ 'মেহেন্দী পৰ্ব'ৰ ফটো শ্বেয়াৰ কৰিলে গৌহৰ খানে

author img

By

Published : Dec 25, 2020, 5:23 PM IST

মডেল তথা অভিনেত্ৰী গৌহৰ খানে 'মেহেন্দী পৰ্ব'ৰ ফটো ইনষ্টাগ্ৰাম পোষ্টযোগে শ্বেয়াৰ কৰিলে । গৌহৰে প্ৰাক বিবাহ অনুষ্ঠানত জৈদ দৰবাৰৰ সৈতে উঠা ফটো শ্বেয়াৰ কৰি কেপচনত লিখিলে 'মেহেন্দী মস্তি' ।

বিবাহৰ 'মেহেন্দী পৰ্ব'ৰ ফটো শ্বেয়াৰ কৰিলে গৌহৰ খানে
বিবাহৰ 'মেহেন্দী পৰ্ব'ৰ ফটো শ্বেয়াৰ কৰিলে গৌহৰ খানে

চিটাৰা ডেস্ক, ২৫ ডিচেম্বৰ: সংগীত ব্যৱস্থাপক ইছমাইল দৰবাৰৰ পুত্ৰ জৈদৰ সৈতে বিবাহ পাশত আৱদ্ধ হ'বলৈ সাজু গৌহৰ খান । ইনষ্টাগ্ৰাম পোষ্টযোগে গৌহৰে শ্বেয়াৰ কৰিলে 'মেহেন্দী পৰ্ব'ৰ ফটো । বিয়াৰ কেই ঘণ্টামান পূৰ্বে প্ৰাক বিবাহ অনুষ্ঠানৰ কেইবাখনো ফটো শ্বেয়াৰ কৰিলে গৌহৰে । ফটোত গৌহৰ আৰু জৈদে খটখটীত বহি থকা দেখা গৈছে ।

ফটো শ্বেয়াৰ কৰি নিজে পিন্ধি থকা সুন্দৰ পোছাকযোৰ তৈয়াৰ কৰাৰ বাবে ময়ুৰ গিৰ'ট্ৰা ক'চাৰক ধন্যবাদ জ্ঞাপন কৰে । বৃহস্পতিবাৰে গৌহৰে ফটো শ্বেয়াৰ কৰিছিল । গৌহৰৰ হাতত মেহেন্দীৰে সুন্দৰ ৰূপ দিয়া হৈছিল । তেওঁ পিন্ধি থকা সাজযোৰ উপহাৰ দিয়া বাবে ভাতৃ আছাদ খানক ধন্যবাদ জনায় গৌহৰে । উল্লেখ্য যে, কেই ঘণ্টামান পিছতে গৌহৰ আৰু জৈদৰ নিকাহ পৰ্ব সম্পন্ন হ'ব । জৈদ দৰবাৰ এগৰাকী কৰিঅ'গ্ৰাফাৰ আৰু ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰ ।

লগতে পঢ়ক:১০ দিনত 'ধামাকা'ৰ দৃশ্যগ্ৰহণ সম্পূৰ্ণ কৰিলে কাৰ্তিক আৰিয়নে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.