ETV Bharat / sitara

গামোছা প্ৰত্যাখান সন্দৰ্ভত কি ক'লে য়ামী গৌতমে ?

গ্ৰেট গুৱাহাটী মাৰাথনৰ বাবে গুৱাহাটীলৈ আহিছে বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী য়ামী গৌতম ৷ শেহতীয়াকৈ সৃষ্টি হোৱা গামোছা বিতৰ্ক সন্দৰ্ভত নিজৰ মন্তব্য প্ৰকাশ কৰিলে য়ামী গৌতমে ৷

gamosa confict and bollywood actress yami gautam
বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী য়ামী গৌতম
author img

By

Published : Mar 2, 2020, 10:47 AM IST

চিটাৰা ডেস্ক,2 মাৰ্চঃ শেহতীয়াকৈ গামোছা বিতৰ্কত সোমাই পৰিছে বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী য়ামী গৌতম ৷ গ্ৰেট গুৱাহাটী মাৰাথন 2020ৰ ফ্লেগ অফ কৰিবৰ বাবে দেওবাৰে গুৱাহাটীত আহি উপস্থিত হৈছিল অভিনেত্ৰীগৰাকী ৷ বৰঝাৰ বিমান বন্দৰত উপস্থিত হোৱাৰ পিছত এগৰাকী অনুৰাগীয়ে য়ামীক গামোছা পিন্ধাবলৈ উদ্যত হৈছিল ৷ কিন্তু সেই সময়তে য়ামীয়ে অনুৰাগীজনৰ হাতৰ পৰা গামোছা প্ৰত্যাখান কৰাত অসন্তুষ্ট হৈ পৰে একাংশ অসমীয়া অনুৰাগী ৷ গামোছাৰ দৰে জাতীয় আৱেগক অপমান কৰিব খোজা বুলি একাংশই যথেষ্ট দুখ প্ৰকাশ কৰে ৷

  • My reaction was simply self defense. As a woman,if I am uncomfortable with anyone getting too close to me, I or any other girl has every right to express it. I Dint’ intend to hurt anyone's sentiments but it's very important to voice out a behavior, inappropriate in any manner https://t.co/sUc4GPxfWv

    — Yami Gautam (@yamigautam) March 1, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

কিন্তু অভিনেত্ৰীগৰাকীয়ে কিছু সময়ৰ পিছতে সমগ্ৰ কথাৰ স্পষ্টীকৰণ দিয়ে চ'ছিয়েল মিডিয়াযোগে ৷ অভিনেত্ৰীগৰাকীয়ে এই সন্দৰ্ভত কয় যে, অনুৰাগী গৰাকী তেনেকৈ কাষ চাপি অহাত নিজক অসুৰক্ষিত অনুভৱ কৰি সেই সময়ত তেওঁ তেনেকুৱা ধৰণৰ আচৰণ কৰে ৷

লগতে কয়, এইয়া তেওঁৰ তৃতীয়বাৰৰ বাবে অসম ভ্ৰমণ ৷ তেওঁ সদায়েই অসমীয়া সংস্কৃতি আৰু অসমীয়া মানুহৰ প্ৰতি মৰম প্ৰদৰ্শন কৰি আহিছে ৷ সমগ্ৰ ঘটনাটো এটা ফালৰ পৰা চাই মন্তব্য কৰাটো বা ঘৃণা কৰাটো খুবেই সংবেদনশীল বিষয় ৷

  • This is my third visit to Assam.I have always expressed my love towards Assamese culture & people. It’s insensitive to react to a single-sided story & spread hate. I am present here, in this beautiful state for an important event & shall always keep coming back .Peace & Respect

পৰৱৰ্তী সময়ত গ্ৰেট গুৱাহাটী মাৰাথন 2020ৰ ফ্লেগ অফ কৰাৰ পিছত অসমীয়া গামোছা আৰু জাপিৰ সৈতে উঠা এখন ফটো সুন্দৰ কেপচনেৰে সৈতে চ'ছিয়েল মিডিয়া যোগে শ্বেয়াৰ কৰে অভিনেত্ৰীগৰাকীয়ে ৷

  • Had a great time flagging off ‘Great Guwahati Marathon’ -2020 ! Was so good to see so many smiling faces & hence could feel the love ! Thank you for this beautiful ‘Japi’ & ‘Gamosa’ ❤️ pic.twitter.com/8uSdS0Gj4U

লগতে পঢ়কঃগামোছা ল’বলৈ অমান্তি বলিউদৰ জনপ্ৰিয় অভিনেত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.