চিটাৰা ডেস্ক, ২ এপ্ৰিল: পৰৱৰ্তী ছবিৰ বাবে সম্প্ৰতি জিমত ব্যস্ত হৈ পৰিছে বলীউড তাৰকা কেটৰীনা কাঈফ । ইনষ্টাগ্ৰামত নতুনকৈ প্ৰশিক্ষণ লোৱাৰ কথা অনুৰাগীসকলৰ মাজত ভিডিঅ' শ্বেয়াৰ কৰি জনায় । শুকুৰবাৰে কেটৰীনাই জিমত শাৰীৰিক প্ৰশিক্ষণ লোৱাৰ এটা ভিডিঅ' শ্বেয়াৰ কৰে ।
- " class="align-text-top noRightClick twitterSection" data="
">
শেহতীয়াকৈ, কেটৰীনাই এখন নতুন ছবিত কাম আৰম্ভ কৰাৰ কথা ছচিয়েল মিডিয়াযোগে ঘোষণা কৰিছিল । অৱশ্যে, কোনখন ছবি সেই বিষয়ে একো স্পষ্ট কৰা নাই অভিনেত্ৰীগৰাকীয়ে । কিছুদিন পূৰ্বে কেটৰীনাক চল্লু ভাইৰ সৈতে অনুৰাগৰীসকলে দেখা পোৱাত বলীউড জগতত উৰাবাতৰি বিয়পিছিল যে, দুয়োগৰাকী তাৰকাই টাইগাৰ-৩ ৰ দৃশ্যগ্ৰহনৰ কাম আৰম্ভ কৰিছে । ইফালে, অক্ষয় কুমাৰৰ অভিনীত ছবি সূৰ্যবংশীত অভিনয় কৰিছে কেটৰীনাই । শীঘ্ৰেই এই ছবিখন মুক্তিৰ পথত । ৰোহিত চেট্টীৰ দ্বাৰা পৰিচালিত এই ছবিখন ৩০ এপ্ৰিলত মুক্তিলাভ কৰিব ।
- " class="align-text-top noRightClick twitterSection" data="
">
লগতে পঢ়ক: তেজৰ কৰ্কট ৰোগত আক্ৰান্ত প্ৰবীণ অভিনেত্ৰী কিৰণ খেৰ