চিটাৰা ডেস্ক,7 ডিচেম্বৰ : আগন্তুক অৰ্থাৎ 2021 বৰ্ষত অধিক পৰিমাণে ব্যস্ত হৈ পৰিব বলিউড অভিনেত্ৰী দীপিকা পাডুকন ৷ কিয়নো উশাহ ল’ব নোৱাৰাকৈ তেওঁৰ হাতত এখনৰ পাচত আন এখন ছবি আহি পৰিছে ৷
উল্লেখ্য যে, 2010 আৰু 2013 বৰ্ষত অভিনেত্ৰী দীপিকাই এটা বছৰত পাঁচখনকৈ ছবি দৰ্শকলৈ আগবঢ়াইছিল ৷ ‘Chhapaak’ ছবিখনত অভিনয় কৰাৰ পাচত তেওঁ আগলৈ কৰা নতুন পৰিকল্পনাৰ বাবে ছবিপ্ৰেমী আশাবাদী ৷
- " class="align-text-top noRightClick twitterSection" data="
">
বলিউডৰ মোহময়ী অভিনেত্ৰী দীপিকাই আগন্তুক বৰ্ষত 24 ঘণ্টা ধৰি কাম কৰিব বুলি জানিবলৈ দিয়ে ৷ দীপিকাই ‘Nag Ashwin’ ছবিখনেৰে আগন্তুক বৰ্ষৰ আৰম্ভণি কৰিব ৷ ইয়াৰ পাচত আৰু এখন ছবিৰ কামত ব্যস্ত হৈ পৰিব দীপিকা আৰু ছবিখনৰ নাম শীঘ্ৰেই দৰ্শকক জনাব বুলি তেওঁ সদৰি কৰে ৷
সম্প্ৰতি দীপিকাই শকুন বাত্ৰাৰ এখন ছবিৰ কামত ব্যস্ত হৈ আছে ৷ ইয়াৰ পাচত তেওঁ দাক্ষিণাত্যৰ জনপ্ৰিয় অভিনেতা প্ৰভাষৰ সৈতে বিগ বাজেটৰ ছবিৰ কাম আৰম্ভ কৰিব ৷
- " class="align-text-top noRightClick twitterSection" data="
">
সূত্ৰই জনোৱা মতে, বিগত 23 নৱেম্বৰত দীপিকাই অভিনেতা শ্বাহৰুখ খানৰ সৈতে মুক্তিলাভ কৰিবলগীয়া এখন ছবিৰ শ্বুটিঙৰ কাম আৰম্ভ কৰিছে ৷ ছবিখনত শ্বাহৰুখ দীপিকাৰ উপৰিও জন আব্ৰাহামকো এটা সৰু চৰিত্ৰত দেখিবলৈ পোৱা যাব ৷
লগতে পঢ়ক : বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰিব তেলেগু অভিনেত্ৰী বিজয়া শান্তিয়ে