নিউজ ডেস্ক, 31 মাৰ্চঃ দেওবাৰে মুক্তি পালে পৰিচালক কৰণ জোহৰৰ মল্টীষ্টাৰ ছবি কলংকৰ টাইটেল ট্ৰেক "কলংক নেহী ইস্ক হে কাজল পিয়া" । বলিউড জগতৰ জনপ্ৰিয় গায়ক অৰজিৎ সিঙৰ কণ্ঠত মুক্তি লাভ কৰা পাচতে অনুৰাগীৰ মাজত সমাদৰ লাভ কৰে গীতটোৱে । গীতটোত প্ৰত্যক্ষ কৰিবলৈ পোৱা গৈছে বৰুণ ধাৱন আৰু আলিয়া ভাটৰৰোমাণ্টিক কেমেষ্ট্ৰী ।
আনহাতে, ছবিখনত আলিয়া বৰুণৰ উপৰিও সোণাক্ষী সিনহা-আদিত্য কাপুৰ, সঞ্জয় দত্ত-মাধুৰী দীক্ষিতৰ যুটিপ্ৰত্যক্ষ কৰিবলৈ পোৱা যাব । তাৰোপৰি গীতিকাৰ অমিতাভ ভট্টাচাৰ্য্যই লিখা ট্ৰেকটো সংগীত ব্যৱস্থাপনা প্ৰীতমৰ ।