ETV Bharat / sitara

Farhan Akhtar Shibani Dandekar Wedding: ফ্ৰেব্ৰুৱাৰীত বিয়া ফাৰহান-শিৱানীৰ

author img

By

Published : Feb 4, 2022, 8:56 PM IST

বিয়াৰ প্ৰসংগত সদায় মৌনতা অৱলম্বন কৰা শিৱানী দাণ্ডেকাৰ আৰু ফাৰহান আখতাৰ বিয়াত বহিব অতি সোনকালেই (Farhan Akhtar Shibani Dandekar Wedding) ৷ প্ৰবীণ চিত্ৰলেখক তথা ফাৰহানৰ পিতৃ জাভেদ আখতাৰে সদৰি কৰিলে তেওঁলোকৰ বিয়াৰ কথা ৷

Farhan Akhtar Shibani Dandekar Wedding
ফ্ৰেব্ৰুৱাৰীত বিয়া ফাৰহান-শিৱানীৰ

চিটাৰা ডেস্ক, 4 ফ্ৰেব্ৰুৱাৰী : বিগত দুবছৰে আলোচনা হৈ আহিছে ফাৰহান আখতাৰ আৰু শিৱানী দাণ্ডেকাৰৰ বিয়াৰ কথা ৷ নিজৰ অতীতক পাহৰি ভৱিষ্যত পৰিকল্পনাৰে সুন্দৰকৈ আগবঢ়া বলীউডৰ এই যুটি সকলোৰে প্ৰিয় ৷ বিয়াৰ ক্ষেত্ৰত অৱশ্যে তেওঁলোকে কেতিয়াও মাত মতা দেখা ন’গল ৷

জাভেদ আখতাৰে এটা সাক্ষাৎকাৰত মুকলিকৈ প্ৰকাশ কৰিলে যে প্ৰথমে দুয়ো ক’ৰ্ট মেৰেজ কৰিব ৷ তাৰ পিছত ফাৰহান-শিৱানীৰ খাণ্ডালাৰ ঘৰটোত পৰিয়ালবৰ্গৰ উপস্থিতিত এটা অনুষ্টুপীয়া অনুষ্ঠানত বিবাহ পাশত আৱদ্ধ হ’ব দুয়ো (Farhan Akhtar Shibani Dandekar Wedding) ৷

21 ফ্ৰেব্ৰুৱাৰীত ক’ৰ্ট মেৰেজ কৰিব ফাৰহান-শিৱানীয়ে ৷ ক’ৰণা মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি কোনো ধৰণৰ ডাঙৰ অনুষ্ঠানৰ আয়োজন নকৰে বুলিও জনালে জাভেদ আখতাৰে ৷ হ’বলগীয়া বোৱাৰীয়েকৰ প্ৰসংগত সোধা প্ৰশ্নৰ উত্তৰত চিত্ৰলেখকজনে ক’লে যে, "শিৱানী এজনী ভাল ছোৱালী ৷ আমাৰ সকলোৱে তাইক ভাল পাই ৷ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে শিৱানী আৰু ফাৰহান ইজনে আনজনৰ লগত সহজে মিলি যায় ৷"

চেলিব্ৰিটি হেয়াৰষ্টাইলিষ্ট অধুনা ভাবানীৰ সৈতে ফাৰহানৰ চনিয়া আৰু আকিৰা নামেৰে দুগৰাকী কন্যা আছে । মডেল-অভিনেতা কিথ চেকুয়েৰা আৰু ক্ৰিকেটাৰ হাৰ্দিক পাণ্ডিয়াৰ সৈতে অতীতত শিবানীৰ লিংক-আপৰ খবৰে সামাজিক মাধ্যমত চৰ্চা লাভ কৰিছিল ৷

লগতে পঢ়ক: Dhoni Acted in a Web Series: অভিনয়ত নামিল মহেন্দ্ৰ সিং ধোনী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.