ETV Bharat / sitara

ৰিয়া আৰু ৰিয়াৰ ভাতৃলৈ দ্বিতীয় বাৰৰ বাবে EDৰ চমন প্ৰেৰণ

সুশান্তৰ ঘটনা সন্দৰ্ভত সোমবাৰে প্ৰৱৰ্তন নিৰ্দেশালয় তথা EDয়ে পুনৰ জেৰা কৰিব ৰিয়া চক্ৰৱৰ্তী আৰু তেওঁৰ ভাতৃ চৌৱিক চক্ৰৱৰ্তীক ৷ ইতিমধ্যে EDয়ে চমন জাৰি কৰিছে দুয়োলৈ ৷

ED to Grill Rhea chakraborty and her brother again
ৰিয়া আৰু ৰিয়াৰ ভাতৃলৈ দ্বিতীয় বাৰৰ বাবে EDৰ চমন প্ৰেৰণ
author img

By

Published : Aug 9, 2020, 6:53 PM IST

চিটাৰা ডেস্ক,9 আগষ্টঃ সুশান্ত সিং ৰাজপুতৰ আত্মহত্যা সন্দৰ্ভত নিজৰ তদন্ত জাৰি ৰাখিছে প্ৰৱৰ্তন নিৰ্দেশালয় তথা EDয়ে ৷ ৰিয়া চক্ৰৱৰ্তী আৰু তেওঁৰ ভাতৃক সোধ-পোচৰ বাবে EDয়ে দ্বিতীয়বাৰৰ বাবে চমন জাৰি কৰিছে ৷

EDৰ বিষয়ববীয়াই শনিবাৰৰ দুপৰীয়াৰ পৰা দেওবাৰৰ পুৱা 7 বজালৈকে প্ৰায় 18 ঘন্টা সময় জেৰা কৰে ৰিয়া চক্ৰৱৰ্তীৰ ভাতৃ চৌৱিক চক্ৰৱৰ্তীক ৷

ইয়াৰ পূৰ্বে শুকুৰবাৰে ৰিয়া চক্ৰৱৰ্তীক প্ৰায় 9 ঘন্টা সময় জেৰা কৰে EDয়ে ৷ সেইদিনাও চৌৱিক চক্ৰৱৰ্তী ED কাৰ্যালয়ত উপস্থিত আছিল ৷

EDৰ বিষয়ববীয়াই জনোৱা অনুসৰি, ৰিয়া আৰু তেওঁৰ ভাতৃ চৌৱিকে ED দলৰ সমুখত ভালকৈ উত্তৰ দিয়া নাছিল ৷ প্ৰায় অসন্তুষ্টিজনক উত্তৰ পোৱাৰ বাবে পুনৰ দুয়োলৈ চমন জাৰি কৰা হয় ED ৰ তৰফৰ পৰা ৷

লগতে পঢ়কঃঅভিনেত্ৰী নাতাশা সুৰী ক'ভিড পজিটিভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.