চিটাৰা ডেস্ক, 29 ডিচেম্বৰ : সমুদ্ৰতীৰত অৱসৰৰ সময় উদযাপন কৰিছে বলীউডৰ Hot Couple দিশা-টাইগাৰে ৷ ইনষ্টাগ্ৰামত ফটো শ্বেয়াৰ কৰি অনুৰাগীসকলৰ মাজত উৎকণ্ঠা বঢ়াইছে দিশাই ৷ দুয়োৱে অৱশ্যে কোন ঠাইত নিবিড় সময় কটাইছে, সেয়া মুকলিকৈ প্ৰকাশ কৰা নাই ৷
![Holiday On Seaside](https://etvbharatimages.akamaized.net/etvbharat/prod-images/270370700_983352819262741_699609145308698209_n_2812newsroom_1640679542_890.jpg)
দিশাই আহিবলগীয়া ছবি ‘যোদ্ধা’ৰ শ্বুটিং শেষ কৰি অৱসৰৰ সময় অতিবাহিত কৰিবলৈ উৰা মাৰে সমুদ্ৰতীৰলৈ ৷ নতুন বছৰৰ আৰম্ভণিত প্ৰিয়জনৰ সৈতে থকাৰ আমেজেই সুকীয়া ৷ মঙলবাৰে দিশাই বিশাল আকাশখনৰ সৈতে অন্তহীন সাগৰৰ ফটো সামাজিক মাধ্যমত পোষ্ট কৰাৰ লগে লগেই উৎফুল্লিত হৈ পৰে অনুৰাগীসকল ৷
![Holiday On Seaside](https://etvbharatimages.akamaized.net/etvbharat/prod-images/270145749_269425175104755_6270471448059159121_n_2812newsroom_1640679542_978.jpg)
চুইমছুট পৰিধান কৰা দিশাক সকলোৱে ফিটনেছৰ বাবে প্ৰশংসা কৰে ৷ ফটোৰ লগতে কেইবাটাও ভিডিঅ’ দিশাই ইন্ষ্টাগ্ৰাম ষ্ট’ৰীত আপলোড কৰিছে ৷ টাইগাৰেও নিজৰ Lady Love ক অনুসৰণ কৰি Fish Emoticon ৰে শ্ল’ম’ ভিডিঅ’ পোষ্ট কৰে ৷
![Holiday On Seaside](https://etvbharatimages.akamaized.net/etvbharat/prod-images/270218447_1093251788107277_4800593622498135683_n_2812newsroom_1640679542_784.jpg)
শেহতীয়াকৈ টাইগাৰে বৃটেইনত মুক্তি লাভ কৰিবলগীয়া ছবি ‘গণপথ’ ৰ শ্বুটিং শেষ কৰিছে ৷ এই ছবিত টাইগাৰৰ বিপৰীতে দেখা যাব অভিনেত্ৰী কৃতি সেননক ৷
- " class="align-text-top noRightClick twitterSection" data="
">
ক’লৈ গৈছে নজনোৱাকৈ দিশা-টাইগাৰে কেৱল মাত্ৰ পোষ্ট কৰি গৈছে সমুদ্ৰতীৰৰ ফটো ৷ Hot Couple ৰ অনুৰাগীয়েও তাৰেই লৈছে সুখ ৷
- " class="align-text-top noRightClick twitterSection" data="
">
লগতে পঢ়ক : Happy Birthday Twinkle Khanna : মালদ্বীপত পত্নীৰ জন্মদিন উদযাপন কৰিলে খিলাড়ী কুমাৰে