চিটাৰা ডেস্ক,9 জানুৱাৰী : চুপাৰষ্টাৰ আমিৰ খানে তামিল চুপাৰহিট বিক্ৰম বেধা (Vikram Vedha)ৰ হিন্দী ৰিমেকৰ বাবে ছেইফ আলী খানৰ সৈতে একেলগ হোৱাৰ সিদ্ধান্ত লৈছিল যদিও পাচত এই সিদ্ধান্তৰ পৰা পিছ হুহুকিলে আমিৰ খানে ৷
- " class="align-text-top noRightClick twitterSection" data="">
সূত্ৰই জনোৱা মতে,ছবিখনৰ স্ক্ৰীপ্টক লৈ সুখী নহয় আমিৰ ৷ লগতে বিজয় চেটুপটীৰ চৰিত্ৰটোৰ বাবে তেওঁ ছবিখনৰ পৰা বাহিৰ হয় ৷
ছবিখনত আমিৰে ‘বেধা’ৰ চৰিত্ৰৰে এজন খলনায়কৰ ভূমিকা ৰূপায়ন কৰাৰ কথা আছিল ৷ আমিৰৰ বাবে ছবিখনৰ পৰা বাহিৰ হোৱাৰ মূল উদ্দেশ্য স্ক্ৰীপ্ট যদিও ৱেবলইড প্ৰতিবেদনে জনোৱা মতে, আমিৰে হিন্দী ৰিমেকৰ স্ক্ৰীপ্টখন পঢ়ি ভাল পাইছিল ৷ আন এক সূত্ৰই জনোৱা মতে,আমিৰে বিজয় চেটুপটীৰ চৰিত্ৰ ৰূপায়ণৰ বাবে সাজু নাছিল ৷
ইফালে আমিৰ খানে এই ছবিখনৰ পৰা বাহিৰ হয় যদিও ছবিখনত দৰ্শকে ছেইফ আলী খানক দেখিবলৈ পাব ৷ ছবিখনত ছেইফক এগৰাকী আৰক্ষী বিষয়াৰ ৰূপত দেখিবলৈ পাব ৷ মূল তামিল ছবিখনত এই চৰিত্ৰটো ৰূপায়ন কৰিছিল অভিনেতা আৰ. মাধৱনে ৷
হিন্দী ৰিমেকৰ পৰিচালনাত আছে পুষ্কৰ-গায়ত্ৰী,যিয়ে তামিল ছবিখনৰো পৰিচালনা কৰিছিল ৷ ছবিখনৰ প্ৰযোজনাত আছে নীৰাজ পাণ্ডে আৰু সম্প্ৰতি ছবিখনৰ প্ৰি-প্ৰডাকশ্বন স্তৰত আছে বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক : দিলীপ ছাবড়িয়াৰ বিৰুদ্ধে মুম্বাই আৰক্ষীৰ কাষ চাপিল কপিল শৰ্মা