ETV Bharat / sitara

Sushant Singh Rajput ৰ ওপৰত নিৰ্মিত ছবিক লৈ কি ক’লে ন্যায়ালয়ে ?

author img

By

Published : Jun 10, 2021, 5:43 PM IST

Updated : Jun 10, 2021, 6:10 PM IST

দিল্লী উচ্চ ন্যায়ালয়ে সুশান্ত সিং ৰাজপুত (Sushant Singh Rajput)ৰ জীৱনৰ ওপৰত নিৰ্মিত ছবি ‘ন্যায়: দ্যা জাষ্টিছ’ (Nyay: The Justice)ৰ মুক্তি স্থগিত ৰখাত অস্বীকাৰ কৰে । ন্যায়াধীশ সঞ্জীৱ নাৰুলাই ৰাজপুতৰ পিতৃ কৃষ্ণ কিশোৰ সিঙৰ দ্বাৰা দাখিল কৰা এখন আবেদন খাৰিজ কৰে ।

delhi high court stays release of film on actor sushant singh rajput
সুশান্তৰ জীৱনৰ ওপৰত নিৰ্মিত ছবিৰ মুক্তি স্থগিত ৰখাত অস্বীকাৰ দিল্লী উচ্চ ন্যায়ালয়ৰ

চিটাৰা ডেস্ক, 10 জুন : শুকুৰবাৰে মুক্তি পাবলগীয়া ‘ন্যায়: দ্যা জাষ্টিছ’ (Nyay: The Justice) ছবিখনৰ মুক্তি স্থগিত ৰখাত অস্বীকাৰ কৰিছে দিল্লী উচ্চ ন্যায়ালয়ে ৷ এই ছবিখন অভিনেতা সুশান্ত সিং ৰাজপুত (Sushant Singh Rajput)ৰ জীৱনৰ ওপৰত আধাৰিত, যিয়ে বিগত বৰ্ষৰ জুন মাহত আত্মহত্যা কৰিছিল ৷

দিল্লী উচ্চ ন্যায়ালয়ে প্ৰয়াত অভিনেতাগৰাকীৰ পিতৃ কৃষ্ণ কিশোৰ সিঙৰ এখন আবেদন খাৰিজ কৰে ৷ সুশান্তৰ পিতৃয়ে দাবী কৰিছিল যে, চলচ্চিত্ৰখনৰ দৃশ্যগ্ৰহণৰ কাম পৰিয়ালৰ সন্মতি অবিহনে সম্পন্ন কৰা হৈছিল ৷ কিন্তু ন্যায়াধীশ সঞ্জীৱ নাৰুলাই কৃষ্ণ কিশোৰ সিঙৰ দ্বাৰা দাখিল কৰা আবেদন খাৰিজ কৰে ৷ সিঙে তেওঁৰ পুত্ৰৰ নাম ব্যৱহাৰ বা চলচ্চিত্ৰত যিকোনো সাদৃশ্যৰ ওপৰত নিষেধাজ্ঞা ৰখাৰ বাবে অনুৰোধ কৰিছিল ।

বিগত এপ্ৰিল মাহত দিল্লী উচ্চ ন্যায়ালয়ে বিভিন্ন চলচ্চিত্ৰৰ প্ৰযোজকসকলক প্ৰস্তাৱিত আৰু সেই সময়ত চিত্ৰগ্ৰহণ কৰা সুশান্ত সিং ৰাজপুতৰ পিতৃৰ আবেদনৰ সঁহাৰি জনাবলৈ কৈছিল ৷ কিন্তু সুশান্তৰ পিতৃয়ে ৰূপালী পৰ্দাত তেওঁৰ পুত্ৰৰ নাম বা সাদৃশ্যতা ব্যৱহাৰ নকৰিবলৈ অনুৰোধ জনাইছিল ৷

‘ন্যায়: দ্যা জাষ্টিছ’ৰ উপৰিও সুশান্ত সিং ৰাজপুতৰ জীৱনৰ ওপৰত নিৰ্মিত আন চলচ্চিত্ৰবোৰ হৈছে- ‘ছুইচাইড অৰ মাৰ্ডাৰ: এ ষ্টাৰ ৱাজ লষ্ট’ (Suicide or Murder: A Star Was Lost), ‘শশাংক’ (Shashank) আৰু আন কেইখনমানৰ বৰ্তমানো শিৰোনাম দিয়া হোৱা নাই ৷

লগতে পঢ়ক : ১৮ টা অক্সিজেন প্ৰকল্প(Oxygen plants) স্থাপন কৰিব চনু চুডে

Last Updated : Jun 10, 2021, 6:10 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.