ETV Bharat / sitara

আলিসাৰ চৰিত্ৰটো সম্পূৰ্ণৰূপে এটা আৱেগিক চৰিত্ৰ: দীপিকা পাডুকন

author img

By

Published : Jan 21, 2022, 6:39 PM IST

নিজৰ আহিবলগীয়া নতুন ছবিখনকলৈ অধিক আগ্ৰহী হৈ থকা দীপিকা পাডুকনে ‘Gehraiyaan’ সম্পৰ্কত ক’লে, এইখন এখন সম্পূৰ্ণ আৱেগিক ছবি (Deepika Padukone on her Gehraiyaan role) ৷ নিজৰ ব্যক্তিগত জীৱনৰ অভিজ্ঞতা সমূহক পুনৰ জীয়াই তুলি তেওঁ আলিসা চৰিত্ৰটোৰ সৈতে একাত্ম হ’ব পাৰিছে ৷

gehraiyaan
আলিসাৰ চৰিত্ৰটো সম্পূৰ্ণৰূপে আৱেগিক এটা চৰিত্ৰ, দীপিকা পাডুকন

চিটাৰা ডেস্ক, 21 জানুৱাৰী : মানৱ জীৱনৰ সম্পৰ্কবোৰ আচলতে তেনেই সহজ-সৰল ৷ তাক আমিহে জটিল কৰি সজাও ৷ এনে জটিল সম্পৰ্কবোৰৰ প্ৰেক্ষাপটতেই আহি আছে শকুন বাত্ৰাৰ ‘Gehraiyaan’ ৷

ছবিখনত মুখ্য় ভূমিকাত কেইবাটাও চৰিত্ৰ দেখিবলৈ পোৱা যাব ৷ বৃহস্পতিবাৰে ছবিখনৰ ট্ৰেইলাৰ মুকলিৰ অন্তত দীপিকা পাডুকনে ছবিখনৰ পৰিচালক গৰাকীক অশেষ ধন্যবাদ জ্ঞাপন কৰাৰ লগতে ক’লে, স্ক্ৰীণত অন্তৰংগভাৱে কাম কৰাটো ইমানো সহজ নহয় ৷ সেই কথা জানি বুজিয়েই শকুন বাত্ৰাই সকলোৰে সুবিধাজনক হোৱাকৈ শ্বুটিঙৰ বাবে এক বন্ধুত্বসুলভ আৰু সুৰক্ষিত পৰিৱেশ সৃষ্টি কৰি দিছিল ৷

  • " class="align-text-top noRightClick twitterSection" data="">

পৰিচালকগৰাকীক উদ্দেশ্যি দীপিকাই কয় যে, ‘Gehraiyaan’ ত দেখুওৱাৰ দৰে intimacy আৰু vulnerability আগতে ভাৰতীয় চলচিত্ৰত explore কৰা হোৱা নাই ৷ পৰিচালক শকুন বাত্ৰাই এই মূহুৰ্তবোৰ কেৱল দৰ্শকৰ মনোৰঞ্জনৰ বাবেই কৰা নাই ৷ ছবিখনৰ সৈতে জড়িত আমি সকলোৱে নিজ নিজ Comfort zone ত থাকি কাম কৰিবলৈ সক্ষম হৈছিলো (Deepika padukone on bold scenes in Gehraiyaan) ৷ প্ৰকৃতাৰ্থত চৰিত্ৰ এটাৰ উদ্ভৱ এনেধৰণৰ অভিজ্ঞতাৰ পৰাই হয়, দীপিকাই লগতে সংযোগ কৰে (Deepika padukone on intimate scenes in Gehraiyaan) ৷

নিজৰ চৰিত্ৰটোক Raw আখ্যা দি দীপিকাই কয় যে আলিসা এটা প্ৰকৃত আৰু বাস্তৱ চৰিত্ৰ আৰু আন বহুত চৰিত্ৰতকৈ আৱেগিকভাৱে সঁচা, naked আৰু vulnerable ৷ এনে এটা চৰিত্ৰ ৰূপালী পৰ্দাত অভিনয়েৰে দেখুৱাবলৈ হ’লে ই কোনো গভীৰ স্থানৰ পৰা আহিবই লাগিব, এই মন্তব্য অভিনেত্ৰী গৰাকীৰ ৷

নিজৰ জীৱনৰ তিক্ত অভিজ্ঞতাসমূহ পুনৰ খান্দি দীপিকাই আলিসাক জীৱিত কৰাৰ প্ৰয়াস কৰিছে ছবিখনত ৷ মানসিক দণ্ডৰ সৈতে যুঁজি অহা দীপিকাই পুনৰ সেই স্থানলৈ গৈ আলিসা চৰিত্ৰটো ৰূপায়ন কৰিছে ৷

লগতে পঢ়ক: Priyanka Chopra opens up on family planning : প্ৰিয়ংকা-নিকে কৰিছে ফেমিলি প্লেনিং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.