নিউজ ডেস্ক, ২১জুন: বলিউডত আত্ম প্ৰকাশ কৰা নৱাগত অভিনেতা নমসী চক্ৰৱৰ্তীয়ে অলপতে আম্ৰিন কুৰেচিৰে মিলি ক'ৰণাৰ বিৰুদ্ধে হোৱা যুঁজখনৰ অংশীদাৰ হৈ বিতৰণ কৰিলে মাস্ক । কভিড-১৯ৰ এই যুঁজত নিজকে জড়িত কৰি মাস্ক বিতৰণৰ সময়চোৱাত সকলোকে সামাজিক দূৰত্ব বৰ্তাই ৰাখি চৰকাৰী নিৰ্দেশনা সমূহ মানি চলিবৰ বাবেওঁ জনালে আহ্বান । তাৰোপৰি বজাৰত মাস্ক উপলব্ধ নহলেও নিজেই ঘৰতে মাস্ক তৈয়াৰ কৰি হলেও পৰিধানৰ অনুৰোধ জনালে সকলোকে।
চিৰসেউজ অভিনেতা মিঠুন চক্ৰৱৰ্তীৰ পুত্ৰ নমসীয়ে কলে, আমাৰ ঘৰখনত আনক সহায় কৰি অহাটোক সদায়েই প্ৰাধান্য দিয়া হয় । মইওঁ ঘৰখনৰ সেই আদৰ্শকে পালন কৰিবলৈ চেষ্টা কৰি আহিছো । ক'ৰণাৰ ভয়াবহতাৰ এনে এক সময়ত দুৰ্গতজনক মাস্ক এখন বিতৰণ কৰবলৈ পাই মই নিজকে ধন্য মানিছো ।
একেধৰণে আনগৰাকী নবাগত অভিনেত্ৰী আম্ৰিনেও কলে, দেশৰ এনে এক সংকটকালত নিজকে আত্ম নিয়োগ কৰি সমাজত ভাল কাম এটা কৰিবলৈ পাই নিজকেই সুখ অনুভৱ কৰিছো । উল্লেখ্য যে "বেড বয়" ছবিখনৰ জড়িয়তে এই দুইগৰাকী নৱাগতই বলিউডত প্ৰথম খোজ আগ বঢ়াইছে ।