ETV Bharat / sitara

2 আগষ্টত ৰাজ কুন্দ্ৰাৰ জামিন আবেদনৰ ওপৰত আদেশ ঘোষণা কৰিব আদালতে - ৰাজ কুন্দ্ৰাৰ জামিন আবেদন

আগন্তুক 2 আগষ্টত ৰাজ কুন্দ্ৰা (Raj Kundra)ৰ আগতীয়া জামিন (Bail) আবেদনত আদেশ ঘোষণা কৰিব মুম্বাই সত্ৰ ন্যায়াধীশ (Mumbai Sessions Court)য়ে ৷ 2020 চনৰ মহাৰাষ্ট্ৰ চাইবাৰ বিভাগ (Maharashtra Cyber Department)ৰ গোচৰত অভিযুক্ত ৰাজ কুন্দ্ৰাই আগতীয়া জামিন দাখিল কৰিছিল ৷

Court to pronounce order on Kundra's bail plea
ৰাজ কুন্দ্ৰাৰ জামিন আবেদনৰ ওপৰত আদেশ
author img

By

Published : Jul 30, 2021, 7:20 PM IST

চিটাৰা ডেস্ক, 30 জুলাই : 2020 চনৰ মহাৰাষ্ট্ৰ চাইবাৰ বিভাগ (Maharashtra Cyber Department)ৰ গোচৰ সন্দৰ্ভত ৰাজ কুন্দ্ৰা (Raj Kundra)ৰ আগতীয়া জামিন (Bail) আবেদনত আগন্তুক 2 আগষ্টত আদেশ ঘোষণা কৰিব মুম্বাই সত্ৰ ন্যায়াধীশ (Mumbai Sessions Court)য়ে ৷ শুকুৰবাৰে সময়ৰ অভাৱৰ বাবে আদেশ স্থগিত ৰাখে মুম্বাই সত্ৰ ন্যায়াধীশে ৷ 19 জুলাইত আটক কৰাৰ পূৰ্বেই মহাৰাষ্ট্ৰ আৰক্ষী চাইবাৰ চেল (Maharashtra Police Cyber Cell)য়ে ব্যৱসায়ী ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে পৰ্ণ’গ্ৰাফিক ছবি নিৰ্মাণ সন্দৰ্ভত গোচৰ ৰুজু কৰিছিল ।

উক্ত গোচৰটো মহাৰাষ্ট্ৰ আৰক্ষীৰ কেইবাটাও অ’টিটি (OTT) প্লেটফৰ্মৰ ওপৰত কৰা অভিযানৰ অংশ আছিল ৷ ইয়াৰ ভিতৰত আছে কুন্দ্ৰাৰ হট্ শ্বটছ্ (Hot Shots) এপ । ইয়াৰোপৰি আৰক্ষীয়ে গোচৰ সন্দৰ্ভত এগৰাকী ফটোগ্ৰাফাৰ আৰু এগৰাকী মহিলাক আটক কৰিছিল ৷ অৱশ্যে ৰাজ কুন্দ্ৰাই চলিত বৰ্ষৰ আৰম্ভণিতে আৰক্ষীক কৈছিল যে, তেওঁ কোম্পানীটোৰ তেওঁৰ শ্বেয়াৰখিনি বিক্ৰী কৰিছে ৷ তেওঁৰ বিনিয়োগ আৰু প্ৰস্থানৰ আনুষ্ঠানিকতা সম্পৰ্কীয় নথি-পত্ৰ কৰ্তৃপক্ষৰ ওচৰত দাখিল কৰিছিল ।

লগতে পঢ়ক : পৰ্ণ'গ্ৰাফী গোচৰঃ হটশ্বটৰ ৪ গৰাকী প্ৰযোজকৰ বিৰুদ্ধে এজাহাৰ দাখিল

শেহতীয়াকৈ ৰাজ কুন্দ্ৰাৰ পত্নী অভিনেত্ৰী শিল্পা ছেট্টী (Shilpa Shetty)কো প্ৰায় 6 ঘন্টা সময় ধৰি জেৰা কৰিছিল অপৰাধ শাখাই ৷

অপৰাধ শাখাৰ জেৰাত স্বামী ৰাজ কুন্দ্ৰাৰ পৰ্ণ’গ্ৰাফিক ছবি নিৰ্মাণ সন্দৰ্ভত মুঠেও জ্ঞাত নাছিল বুলি দাবী কৰাৰ উপৰিও কুন্দ্ৰা নিৰ্দোষী বুলি দাবী কৰিছিল শিল্পাই ৷ ইফালে অশ্লীল ছবি নিৰ্মাণৰ ক্ষেত্ৰত ৰাজ কুন্দ্ৰা জড়িত থকা হোৱাটছ এপ গ্ৰুপৰ প্ৰিণ্ট আউটবোৰে অশ্লীল ছবি নিৰ্মাণ কৰি আহৰণ কৰা ধনৰ লগতে উক্ত ধনৰ কিদৰে লেনদেন হৈছিল তাৰ ষ্পষ্ট প্ৰমাণ দাঙি ধৰিছে ৷

লগতে পঢ়ক : ৰাজ কুন্দ্ৰাৰ জামিন আবেদন খাৰিজ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.