ETV Bharat / sitara

অক্ষয় কুমাৰৰ বিৰুদ্ধে অশালীন অৰ্থ প্ৰকাশক বিজ্ঞাপনত কাম কৰাৰ অভিযোগ

author img

By

Published : Sep 24, 2021, 6:09 PM IST

বলীউড চুপাৰষ্টাৰ অক্ষয় কুমাৰ(Akshay Kumar) আৰু ডলাৰ কোম্পানী(Dollar Company)ৰ বিৰুদ্ধে অভিযোগ তুলিলে দুগৰাকী অধিবক্তাই । ডলাৰ কোম্পানীৰ বিজ্ঞাপনত দ্বৈত অৰ্থৰ সংলাপ প্ৰয়োগ কৰাৰ অভিযোগ উত্থাপিত হৈছে । একে বিষয়কে লৈ অক্ষয় কুমাৰৰ বিৰুদ্ধেও অভিযোগ তোলা হৈছে । পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ এগৰাকী অধিবক্তাই এই অভিযোগ উত্থাপন কৰিছে ।

Actor Akshay Kumar to face legal battle over obscene ad content
অক্ষয় কুমাৰৰ বিৰুদ্ধে অশ্লীল অৰ্থ প্ৰকাশ কৰা বিজ্ঞাপনত কাম কৰাৰ অভিযোগ

চিটাৰা ডেস্ক, ২৪ ছেপ্টেম্বৰ : ডলাৰ কোম্পানী(Dollar Company)ৰ বিজ্ঞাপনত অভিনয় কৰি বিপদত পৰিছে বলীউড তাৰকা অক্ষয় কুমাৰ । আইনী যুঁজত নামিব লাগিব অভিনেতাগৰাকী । শেহতীয়াকৈ পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ অধিবক্তা এইচ চি অৰোৰাই অক্ষয় কুমাৰ(Akshay Kumar) আৰু ডলাৰ কোম্পানী(Dollar Company)ৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে । অধিবক্তাগৰাকীয়ে পঞ্জাৱ ৰাজ্যিক মহিলা আয়োগ আৰু মুম্বাইস্থিত ভাৰতীয় বিজ্ঞাপন ষ্টেণ্ডাৰ্ড পৰিষদৰ ওচৰত দুটা পৃথক অভিযোগ দাখিল কৰিছে ।

অন্তৰ্বাসৰ বিজ্ঞাপনত অশ্লীল সংলাপ ব্যৱহাৰ কৰাৰ অভিযোগ তুলিছে অধিবক্তাগৰাকীয়ে । অধিবক্তা এইচ চি আৰোৰাই অভিযোগ দাখিল কৰাৰ লগতে সম্প্ৰচাৰিত হৈ থকা ডলাৰ কোম্পানীৰ বিজ্ঞাপনটোৰ এটা ভিডিঅ' ৰেকৰ্ডিং ই-মেইলযোগে প্ৰেৰণ কৰিছে । তেওঁ অভিযোগ তুলিছে যে, বিজ্ঞাপনটোত দ্বৈত অৰ্থৰ সংলাপ ব্যৱহাৰ কৰা হৈছে । অভিযোগকাৰীগৰাকীয়ে কয় যে, বিজ্ঞাপনটোৰ শেষত অক্ষয় কুমাৰে কোৱা সংলাপটো ইমানেই অশ্লীল যে, যদি এজনী ছোৱালীয়ে তেওঁৰ পিতৃক সংলাপটোৰ অৰ্থ সোধে, তেন্তে পিতৃয়ে অৰ্থ ব্যাখ্যা কৰিব নোৱাৰিব ।

তেওঁ লগতে অভিযোগ উত্থাপন কৰে যে, বিজ্ঞাপনটোৱে অভিভাৱকসকলক অস্বস্তিত পেলাব পাৰে । কিয়নো তেওঁলোকে পৰিয়ালৰ সৈতে একেলগে টিভিত অনুষ্ঠান চাই থকাৰ মাজত উক্ত বিজ্ঞাপনটো দেখিলে টিভি বাৰে বাৰে বন্ধ কৰিব নোৱাৰে ।

কাৰণ বিজ্ঞাপনটো প্ৰতি ৩০ মিনিটত পুনৰ সম্প্ৰচাৰ কৰা হয় । অধিবক্তা এইচ চি অৰোৰাই সেয়ে বিজ্ঞাপনটো বন্ধ কৰিবলৈ আহ্বান জনাইছে । লগতে যদি আন কোনোৱে এনে বিজ্ঞাপন সম্প্ৰচাৰ কৰিব বিচাৰে, তেন্তে ভাৰতীয় দণ্ডবিধি আৰু তথ্য প্ৰযুক্তি আইনৰ অধীনত বৈদ্যুতিন চেনেলসমূহৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলিও তেওঁ উল্লেখ কৰে ৷

অভিযোগকাৰীয়ে ৰাজ্যিক মহিলা আয়োগক অভিনেতা অক্ষয় কুমাৰ আৰু ডলাৰ কোম্পানীৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈও আহ্বান জনাইছে ৷ ভাৰতীয় বিজ্ঞাপন ষ্টেণ্ডাৰ্ড পৰিষদক অভিযোগ দাখিল কৰি অৰোৰাই কয় যে, বিজ্ঞাপনটোৱে সম্পূৰ্ণৰূপে ভাৰতৰ বিজ্ঞাপন সংহিতাক উলংঘন কৰিছে । তেওঁ লগতে কয় যে, বিজ্ঞাপনটোত অশালীন, আপত্তিজনক আৰু দ্বৈত অৰ্থৰ সংলাপ আছে ।

লগতে পঢ়ক : অৰ্জুন বিজলানীৰ শিৰত Khatron Ke Khiladi 11 ৰ খিতাপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.