চিটাৰা ডেস্ক, ৯ জানুৱাৰী: স্বাস্থ্যজনিত সমস্যাত ভূগি থকাৰ পিছত এতিয়া পুনৰ নতুন উদ্যমেৰে শৰীৰচৰ্চা আৰম্ভ কৰিছে কৰিঅ'গ্ৰাফাৰ, ছবি নিৰ্মাতা ৰেম' ডিছ'জাই । বিগত বৰ্ষৰ ডিচেম্বৰ মাহত হৃদৰোগত আক্ৰান্ত হোৱাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ৰেম'ক । বৰ্তমান কিছু পৰিমাণে সুস্থ হৈ উঠাৰ পিছত ৰেম' ডিছ'জাই পুনৰ জিমলৈ গৈ ব্যায়াম কৰা আৰম্ভ কৰিছে । তেওঁ ইনষ্টামগ্ৰাম পোষ্টযোগে এটা ভিডিঅ' শ্বেয়াৰ কৰিছে ।
- " class="align-text-top noRightClick twitterSection" data="
">
ভিডিঅ'টোত ক'লা টুপী, ছাঁই ৰঙৰ ট্ৰেক পেণ্ট আৰু মাস্ক পৰিধান কৰি ৰেম'ক ব্যায়াম কৰি থকা দেখা গৈছে । তেওঁ পোষ্টটোত লিখিছে যে, প্ৰত্যাৱৰ্তন সদায় শক্তিশালী হয় । ৰেম'ই পূৰ্বে কৈছিল যে, ঘৃণাৰ পৰিৱৰ্তে প্ৰেমৰ মাজেৰে জীৱন যাপন কৰাতো তেওঁ উপলব্ধি কৰিছে । ২০১১ চনত F.A.L.T.Uৰ জৰিয়তে ছবি নিৰ্মাতা হিচাপে কাম কৰাৰ পূৰ্বে তেওঁ কৰিঅ'গ্ৰাফাৰ হিচাপেহে বলীউডত আত্মপ্ৰকাশ কৰিছিল । তেওঁ এ বি চি ডিঃএনিবডি কেন ডান্স, এ বি চি ডি ২, ৰেচ ৩ ছবিত কাম কৰিছে । তেওঁৰ ছবি ষ্ট্ৰীট ডান্সাৰ ৩ডিত বৰুণ ধৱন, শ্ৰদ্ধা কাপুৰ আৰু ন'ৰা ফটেহীয়েও অভিনয় কৰিছিল ।
লগতে পঢ়ক:মই চলচিত্ৰত প্ৰাইম ৰাণ সীমিত কৰাৰ বিষয়ে জ্ঞাত: তাপসী পন্নু