ETV Bharat / sitara

Happy Birthday John Abraham : 49 বছৰত ভৰি দিলে বলীউড অভিনেতা জন আব্ৰাহামে - আজি জন আব্ৰাহামৰ ওপজাদিন

বলীউডৰ অভিনেতা জন আব্ৰাহামে ভৰি দিলে 49 বছৰত (Happy Birthday John Abraham) ৷ মডেল হিচাপে পৰিচিত জনে 2003 চনত জিছম ছবিখনৰে বলীউডত আত্মপ্ৰকাশ ঘটাইছিল ৷

bollywood-actor-john-abraham-turns-49 today
শুভ জন্মদিন জন আব্ৰাহাম
author img

By

Published : Dec 17, 2021, 9:38 AM IST

Updated : Dec 17, 2021, 10:06 AM IST

চিটাৰা ডেস্ক, 17 ডিচেম্বৰ : আজি বলীউডৰ অভিনেতা জন আব্ৰাহামৰ ওপজাদিন ৷ 49 বছৰত ভৰি দিলে অভিনেতাগৰাকীয়ে (Happy Birthday John Abraham) ৷ মডেল হিচাপে কেৰিয়াৰৰ আৰম্ভণি কৰা জনে 2003 চনত জিছম ছবিখনৰে বলীউডত আত্মপ্ৰকাশ ঘটাইছিল ৷

bollywood-actor-john-abraham-turns-49-today
ফটো : ইণ্টাৰনেট

কেৰিয়াৰৰ আৰম্ভণিতে ধুম, দোস্তানা আৰু গৰম মচলাৰ দৰে কেইখনমান হিট ছবিত অভিনয় কৰা জন আব্ৰাহামে কাল, টেক্সি নং ৯২১১, বাবুল আৰু ঝুথা হি সহীৰ দৰে কেইবাখনো ব্যৱসায়িকভাৱে বিফল ছবিত অভিনয় কৰে ৷ বলীউডত নিজৰ স্থান মজবুত কৰাৰ বাবে অভিনেতাগৰাকীয়ে তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল ৷ বহু কষ্টৰ অন্তত জনে নিজকে বলীউডত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হয় ৷

জনে কেৰিয়াৰত সফলতা লাভ কৰাৰ আন এক উল্লেখ্যযোগ্য কাৰণ হৈছে, একাধিক দেশপ্ৰেমমূলক ছবিত কৰা অভিনয় ৷ অভিনেতাগৰাকীৰ ওপজাদিনৰ দিনটোতে চাওক আহক তেনে 5 খন উল্লেখযোগ্য ছবি-

1. পৰমাণু (Parmanu)

এটা সঁচা কাহিনীৰ ওপৰত আধাৰিত 'পৰমাণু : দ্য ষ্টৰী অৱ পোখৰাণ' ত জন আব্ৰাহামে IAS বিষয়া আশ্বত ৰাইনাৰ ভূমিকাত অভিনয় কৰিছিল ৷ যি ১৯৯৮ চনত পোখৰাণত ভাৰতীয় সেনাই চলোৱা পাৰমাণৱিক বোমাৰ পৰীক্ষামূলক বিস্ফোৰণৰ নেতৃত্ব বহন কৰিছিল ৷ ছবিখনে বক্স অফিচত হিট হিচাপে পৰিচিত হোৱাই নহয়, প্ৰায় 100 কোটি টকা উপাৰ্জন কৰিবলৈও সক্ষম হৈছিল ৷

2. ধিছুম (Dishoom)

মধ্য প্ৰাচ্যৰ এজন বুকীৰ দ্বাৰা অপহৃত ভাৰতীয় শীৰ্ষ ক্ৰিকেটাৰক বচাবলৈ চেষ্টা কৰাৰ ঘটনাৰ আধাৰত নিৰ্মাণ কৰা হৈছিল এই ছবিখন ৷ এই ছবিখনত অভিনয় কৰিছে জন আব্ৰাহাম আৰু বৰুণ ধাৱানে ৷ ছবিখন এক্সন-কমেডী ধৰণৰ ৷ ইয়াৰে মুখ্য চৰিত্ৰটো ৰূপায়ণ কৰিছে জনে ৷

3. বাটলা হাউছ (Batla House)

নিখিল আদৱানীৰ দ্বাৰা পৰিচালিত এখন এক্সন থ্ৰিলাৰ ছবি হৈছে ‘বাটলা হাউচ' ৷ ২০০৮ চনত দিল্লীত সংঘটিত এক এনকাউণ্টাৰ গোচৰৰ ওপৰত আধাৰিত এইখন ছবি ৷ উক্ত এনকাউণ্টাৰত নিহত হৈছিল দুগৰাকী সন্ত্ৰাসবাদীৰ লগতে এগৰাকী আৰক্ষী বিষয়া ৷ এই ছবিখনত জনে এচিপি সঞ্জয় কুমাৰৰ ভূমিকাত অভিনয় কৰে, যি ৰিয়েল লাইফত ডিচিপি সঞ্জীৱ কুমাৰ যাদৱৰ জীৱনৰ ওপৰত আধাৰিত আছিল ৷

4. মাদ্ৰাজ কেফে (Madras Cafe)

শ্ৰীলংকাৰ গৃহযুদ্ধ আৰু ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ হত্যাৰ ওপৰত আধাৰিত ছবিখনত জনে ভাৰতীয় সেনা বিষয়া মেজৰ বিক্ৰম সিঙৰ নাম ভূমিকাত অভিনয় কৰে ৷ দেশৰ নেতাসকলক সুৰক্ষা দিয়াৰ বাবে কৰা সৰ্বশ্ৰেষ্ঠ প্ৰচেষ্টা এই ছবিখনত দেখা গৈছে ৷ চলচ্চিত্ৰখনৰ প্ৰদৰ্শন ভংগীমা, উৎকৃষ্ট চিনেমেট’গ্ৰাফীৰ বাবে সমালোচকৰ প্ৰশংসা লাভ কৰিছিল ৷

5. ফ’ৰ্চ এণ্ড ফ’ৰ্চ 2 (Force and Force 2)

ফ’ৰ্চ ছবিখনৰ দুটাকৈ সংস্কৰণত জনে এচিপি যশবৰ্ধন সিঙৰ ভূমিকা ৰূপায়ণ কৰে ৷ ২০১১ চনত মুক্তি পোৱা ছবিখনৰ প্ৰথমটো খণ্ড আছিল এক্সন-থ্ৰিলাৰ ৷ ২০১৬ চনত মুক্তি পাইছিল ছবিখনৰ দ্বিতীয় সংস্কৰণ ৷

১৯৭২ চনৰ ১৭ ডিচেম্বৰত কেৰালাত জন্মগ্ৰহণ কৰা জন আব্ৰাহামৰ পিতৃ এগৰাকী মালায়ালী চিৰিয়ান খৃষ্টানধৰ্মী লোক হোৱাৰ বিপৰীতে মাতৃ গুজৰাটৰ পাৰ্চী সম্প্ৰদায়ৰ মহিলা আছিল ৷ অভিনেতাগৰাকীক শেহতীয়াকৈ সত্যমেৱ জয়তে 2 ত দেখা গৈছিল ৷

লগতে চাওক: Berlin Film Festival 2022: মহোৎসৱলৈ আলিয়াৰ Gangubai Katiawadi

Last Updated : Dec 17, 2021, 10:06 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.