চিটাৰা ডেস্ক, 28 জুলাইঃ শ্ৰীৰাম ৰাঘৱনৰ আন্ধাধুন আৰু বদলাপুৰৰ দৰে ছবিত একচন ডিৰেক্টৰ হিচাপে কাম কৰি খ্যাত লাভ কৰা একচন ডিৰেক্টৰ পাৰভেজ খানৰ মৃত্যু ৷ সোমবাৰে হৃদৰোগত আক্ৰান্ত হৈ 55 বছৰ বয়সত মৃত্যুবৰণ কৰে জনপ্ৰিয় নিৰ্দেশক গৰাকীয়ে ৷
-
Just heard that action director Parvez Khan is no more. We had worked together in Shahid where he executed the riots sequence in a single take. Very skilful, energetic and a good man. RIP Parvez. Your voice still rings in my ears!
— Hansal Mehta (@mehtahansal) July 27, 2020 " class="align-text-top noRightClick twitterSection" data="
">Just heard that action director Parvez Khan is no more. We had worked together in Shahid where he executed the riots sequence in a single take. Very skilful, energetic and a good man. RIP Parvez. Your voice still rings in my ears!
— Hansal Mehta (@mehtahansal) July 27, 2020Just heard that action director Parvez Khan is no more. We had worked together in Shahid where he executed the riots sequence in a single take. Very skilful, energetic and a good man. RIP Parvez. Your voice still rings in my ears!
— Hansal Mehta (@mehtahansal) July 27, 2020
1986 চনৰ পৰা বলীউড ইণ্ডাষ্ট্ৰীত কাম কৰা পাৰভেজে যেতিয়া তেওঁৰ বুকুত যথেষ্ট বিষ অনুভৱ কৰিছিল আৰু তাৰ পিছতেই তেওঁক লৈ যোৱা হৈছিল ৰুবী হাস্পতাললৈ ৷ এই কথা জনালে তেওঁৰ লগত দীৰ্ঘ সময় ধৰি একেলগে কাম কৰা তেওঁৰ সহযোগী নিশান্ত খানে ৷
নিশান্তে কয়,"ৰাতিপুৱা ভাগত হাৰ্ট এটেক হোৱাৰ বাবে তেওঁক হাস্পতাল লৈ যোৱা হৈছিল যদিও তেওঁক মৃত ঘোষণা কৰে ৷ তেওঁৰ অন্য কোনো স্বাস্থ্যৰ সমস্যা নাছিল,কিন্তু কালি ৰাতি বুকুত বিষ অনুভৱ কৰিছিল ৷"
ছবি নিৰ্মাতা হঞ্চল মেহতা,যি ৰাষ্ট্ৰীয় পুৰস্কাৰ বিজয়ী 2013চনৰ নাটক চাহিদত পাৰভেজৰ সৈতে কাম কৰিছিল ৷ তেওঁ কয় যে একচন নিৰ্দেশক গৰাকী নিজৰ কামত যথেষ্ট পাৰদৰ্শী আছিল ৷
পাৰভেজে 1992 চনত অক্ষয় কুমাৰৰ খিলাড়ী ছবিৰ জৰিয়তে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল ৷ 1993 চনৰ বাজীগৰ আৰু ববী দেওল অভিনীত ছবি চ'লজাৰত তেওঁ একচন ডিৰেক্টৰ হিচাপে কাম কৰিছিল ৷
2004 চনত অৱ তক চপ্পন, 2007 চনত জনী গড্ডাৰ ,চেইফ আলী খান অভিনীত এজেন্ট বিনোদ আৰু 2012 চনত বদলাপুৰৰ দৰে জনপ্ৰিয় ছবিত কাম কৰিছিল একচন ডিৰেক্টৰ গৰাকীয়ে ৷
পাৰভেজ খানে মৃত্যুৰ সময়ত পত্নী, পুত্ৰ,বোৱাৰী আৰু নাতিয়েকক এৰি থৈ গৈছে এই সংসাৰত ৷