চিটাৰা ডেস্ক, 24 ডিচেম্বৰ : 60 বছৰ বয়সতো নিজৰ Youthful Look টোৰ বাবে চৰ্চিত বলীউডৰ অভিনেতাজন ৷ য’লৈকে যায় তাতেই আলোচনা বিষয় হৈ পৰে তেওঁৰ Young Look টো ৷ তিনিটাকৈ সন্তানৰ পিতৃ এই অভিনেতাজন কেৱল বলীউডতে নহয় আন্তঃৰাষ্ট্ৰীয়ভাৱেও খ্যাতিসম্পন্ন ৷
![Anil Kapoor turns 65 today](https://etvbharatimages.akamaized.net/etvbharat/prod-images/13997707_b.jpg)
1987 চনৰ ছবি ‘মিষ্টাৰ ইণ্ডিয়া’ (Bollywood Movie Mister India) ৰ চৰিত্ৰটোৰে আজিও সকলোৰে মাজত জনাজাত তেওঁ ৷ বলীউডৰ বিগত সময়ৰ অভিনেত্ৰীসকলৰ লগতে বৰ্তমানৰ অভিনেত্ৰীসকলৰ লগতো সহজে খাপ খাই পৰা এইজন অভিনেতা হৈছে অনিল কাপুৰ ৷
![Anil Kapoor turns 65 today](https://etvbharatimages.akamaized.net/etvbharat/prod-images/13997707_c.jpg)
24 ডিচেম্বৰ 1956 ত জন্মগ্ৰহণ কৰা অনিল কাপুৰ এজন চলচ্চিত্ৰ অভিনেতাৰ লগতে ছবি প্ৰযোজক ৷ মুখ্যতঃ হিন্দী চলচ্চিত্ৰ জগতৰ সৈতে জড়িত অনিল কাপুৰ ৷ আন্তৰ্জাতিক চলচ্চিত্ৰ আৰু দূৰদৰ্শন ধাৰাবাহিকতো অভিনয় কৰিছে তেওঁ ৷ বলীউডত খোপনি পোতাৰে পৰা প্ৰায় 100 ৰো অধিক চলচ্চিত্ৰত অভিনয় কৰিছে অভিনেতাজনে ৷ 2005 চনৰ পৰা এজন অভিনেতা আৰু প্ৰযোজক হিচাপে 40 বছৰৰ এটা সুন্দৰ কেৰিয়াৰ অতিবাহিত কৰিছে বলীউডত অনিলে ৷ দুটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু ছটা ফিল্মফেয়াৰ বঁটাৰ সৈতে তেওঁ কেইবাটাও সন্মান লাভ কৰিছে ৷
![Anil Kapoor turns 65 today](https://etvbharatimages.akamaized.net/etvbharat/prod-images/13997707_g.jpg)
মুম্বাইৰ চলচ্চিত্ৰ প্ৰযোজক সুৰিন্দৰ কাপুৰৰ ঘৰত জন্ম গ্ৰহণ কৰা অনিলে কাপুৰে হামাৰে তুমহাৰে (1979) ৰোমাঞ্চত এটা সৰু চৰিত্ৰৰে বলীউডত আত্মপ্ৰকাশ কৰে আৰু তাৰ পিছত তেলেগু ছবি ভামচা বৃক্ষম (1980)ত অভিনয় কৰে ৷ একচন ড্ৰামা মাছাল (1984) কাপুৰৰ কেৰিয়াৰ টাৰ্ণিং পইণ্ট ৷ মুখ্য অভিনেতা হিচাপে 80 ৰ দশকত তেওঁৰ হিট ছবিসমূহৰ ভিতৰত আছে মেৰী জং (1985), কৰ্মা (1986), মিষ্টাৰ ইণ্ডিয়া (1987), তেজাব (1988), ৰাম লাখন (1989) আৰু পৰিন্দা (1989) ৷
![Anil Kapoor turns 65 today](https://etvbharatimages.akamaized.net/etvbharat/prod-images/13997707_a.jpg)
পিছৰ তিনিটা দশকত সৰ্বাধিক উপাৰ্জন কাৰী ছবি লামহে (1991), লাদলা (1994), জুদাই (1997), দিৱানা মস্তানা (1997), হাম আপকে দিল মে ৰেহতে হেইন (1999), বিৱি নং ত মুখ্য চৰিত্ৰৰ সৈতে বলীউডৰ এগৰাকী অত্যন্ত লাভজনক তাৰকা হিচাপে পৰিগণিত হয় ৷ অনিল কাপুৰ অভিনিত কেইখনমান বহুল চৰ্চিত ছবি নো এণ্ট্ৰি (2005), ৱেলকাম (2007), ৰেচ (2008), ৰেচ 2 (2013), ৱেলকাম বেক (2015), ৰেচ ৩ (2018) আৰু মালাং (2020) ৷ তেওঁ বেটা (1992), 1942: এ লাভ ষ্টৰী (1994), ত্ৰিমূৰ্তি (1995), বিৰাসাত (1997), তাল (1999), পুকাৰ (2000), লাজ্জা (2001), নায়ক (2001) আৰু Dil Dhadakne Do ত অভিনয়ৰ বাবে সমালোচকৰ প্ৰশংসা লাভ কৰে ৷
![Anil Kapoor turns 65 today](https://etvbharatimages.akamaized.net/etvbharat/prod-images/13997707_e.jpg)
আজি তেওঁৰ জন্মদিনত বলীউড তাৰকা সকলে নিজৰ Social Media ৰ জৰিয়তে মৰম যাচিছে অভিনেতাজনলৈ ৷ বলীউড Diva মাধুৰী দীক্ষিতে নিজৰ Favourite Co-star জনলৈ লিখিছে, ‘There's never a dull moment when you are around. Happiest birthday @anilskapoor. May you keep inspiring everyone, stay forever young & have a jhakass year ahead' ৷
![Anil Kapoor turns 65 today](https://etvbharatimages.akamaized.net/etvbharat/prod-images/13997707_f.jpg)
লগতে পঢ়ক : Happy Birthday Mohammed Rafi : ভাৰতীয় সংগীতৰ প্ৰাণ স্বৰূপ মহম্মদ ৰফীলৈ জন্মদিনত সোঁৱৰণ