ETV Bharat / sitara

জন্মদিন বিশেষ: কেনেদৰে হলীউডত খোজ পেলাইছিল প্ৰিয়ংকাই ? - প্ৰিয়ংকা চোপ্ৰাৰ লক্ষ্য

মুম্বাইৰ পৰা খেল আৰু অন্য় শৈলীত প্ৰশিক্ষণ লাভ কৰা অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা(Priyanka Chopra)ৰ বাবে অন্য এখন জগতত নিজকে প্ৰতিষ্ঠা কৰাতো বাবে একেবাৰে সহজসাধ্য নাছিল ৷ পশ্চিমৰ সাংস্কৃতিক দিশটো আকোঁৱালি লৈ এটি আমেৰিকান টেলিভিশ্বন শ্ব’(American Television Show)ৰ জৰিয়তে হলীউড (Hollywood)ত প্ৰৱেশ কৰিছিল প্ৰিয়ংকাই ৷

priyanka chopra bithday
প্ৰিয়ংকা চোপ্ৰাৰ জন্মদিন
author img

By

Published : Jul 18, 2021, 8:52 PM IST

চিটাৰা ডেস্ক, 18 জুলাই: বলীউড(Bollywood)ত সফলতা লাভ কৰাৰ পাচত 8 বছৰ পূৰ্বে পশ্চিমীয়া ছবিজগতত মনোনিৱেশ কৰিছিল প্ৰিয়ংকা চোপ্ৰা জোনাছ (Priyanka Chopra Jonas)এ ৷ হিন্দী ছবিজগতৰ এগৰাকী মোহময়ী অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই মুম্বাইৰ পৰা লছ এঞ্জেলছ(LA)লৈ যাত্ৰা কৰিছিল ৷ 2015 চনত আমেৰিকান টেলিভিশ্বন শ্ব’ ‘Quantico’ৰ জৰিয়তে হলীউডত খোজ পেলাইছিল এইগৰাকী অভিনেত্ৰীয়ে ৷

এক সাক্ষাৎকাৰযোগে তেওঁ কয় যে, যেতিয়া প্ৰিয়ংকাই হলীউডত অভিনয় কৰাৰ সুযোগ লাভ কৰিছিল তেতিয়াই তেওঁ উপলব্ধি কৰিছিল তেওঁ কি আছিল আৰু কি কৰিব বিচাৰি আছিল ৷ প্ৰিয়ংকাৰ পূৰ্বেও বলীউড অভিনেতা-অভিনেত্ৰী প্ৰয়াত ইৰফান খান (Irrfan Khan), তাবু (Tabu) আৰু অনুপম খেৰ (Anupam Kher)এ আমেৰিকান ছবিত অভিনয় কৰিছিল ৷ ইয়াৰ পাচতে ‘Quantico’ৰ জৰিয়তে এক অন্য অভিলেখ গঢ়িবলৈ সক্ষম হৈছিল প্ৰিয়ংকাই ৷

শেহতীয়াকৈ প্ৰিয়ংকাই Ramin Bahraniৰ ছবি ‘The White Tiger’ত অভিনয় কৰাৰ লগতে এগৰাকী সহকাৰী প্ৰযোজক হিচাপে কাম কৰিছিল ৷ যেতিয়া ছবিখনে বঁটা লাভ কৰিছিল, সেয়া প্ৰিয়ংকাৰ বাবে আছিল অন্য এক সফলতা ৷

বিগত 6 বছৰত আমেৰিকাত থাকি প্ৰিয়ংকাই ‘Amazon’ৰ সৈতে দুবছৰৰ বাবে multimillion-dollar first-lookত হস্তাক্ষৰ কৰে ৷ ইয়াৰোপৰি পুনৰ ‘Amazon’ৰ সৈতে দুবছৰীয়া প্ৰজেক্টতো চুক্তিবদ্ধ হয় প্ৰিয়ংকা, য’ত তেওঁ তেওঁৰ স্বামীৰ সৈতে কাম কৰিব ৷ আনহাতে, Netflixত মুক্তিলাভ কৰিবলগীয়া তথ্যচিত্ৰ ‘Wild Wild Country’ ৰূপায়ন কৰিবলগীয়া ‘Sheela’ চৰিত্ৰটোৰ বাবে সাজু হৈছে অভিনেত্ৰীগৰাকী ৷ Netflixত মুক্তিলাভ কৰিবলগীয়া ‘We Can Be Heroes’ আৰু ‘The Matrix 4’ ত প্ৰিয়ংকাক দেখিবলৈ পোৱা যাব ৷

লগতে পঢ়ক : কান চলচ্চিত্ৰ মহোৎসৱৰ শীৰ্ষ সন্মানৰ অধিকাৰী হ'ল জুলিয়া ডুকুৰনাউ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.