ETV Bharat / sitara

ক'ভিড মহামাৰীৰ দ্বিতীয় পালি প্ৰতিষেধক গ্ৰহণ বিগ বিৰ

author img

By

Published : May 16, 2021, 3:27 PM IST

দেওবাৰে বলীউডৰ মেগাষ্টাৰ তথা বিগ বি অমিতাভ বচ্চনে ক'ভিড মহামাৰীৰ দ্বিতীয় পালি প্ৰতিষেধক গ্ৰহণ কৰে ৷ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিলে প্ৰতিষেধক গ্ৰহণৰ ফটো ।

Big B gets second dose of COVID vaccine
ক'ভিড মহামাৰীৰ দ্বিতীয়টো পালি প্ৰতিষেধক গ্ৰহণ বিগ বিৰ

চিটাৰা ডেস্ক, ১৬ মে': সমগ্ৰ দেশতে মহামাৰী কৰ'ণাই এক ভয়াৱহ পৰিৱেশৰ সৃষ্টি কৰিছে । কৰ’ণাৰ দ্বিতীয় লহৰৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে ব্যাপক হাৰত ক'ভিড প্ৰতিষেধক প্ৰদান কাৰ্যসূচী অব্যাহত ৰাখিছে ।

দেওবাৰে বলীউডৰ মেগাষ্টাৰ তথা বিগ বি অমিতাভ বচ্চনে ক'ভিড মহামাৰীৰ দ্বিতীয় পালি প্ৰতিষেধক গ্ৰহণ কৰে ৷ যোৱাটো মাহত ক'ভিড মহামাৰীৰ প্ৰথমটো পালি প্ৰতিষেধক গ্ৰহণ কৰিছিল বিগ বি অমিতাভ বচ্চনে । দ্বিতীয়টো পালি প্ৰতিষেধক গ্ৰহণ কৰাৰ ফটো টীকাকৰণ কেন্দ্ৰৰ পৰাই ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছিল অভিনেতাগৰাকীয়ে ।

উক্ত ফটোত তেওঁ 'দুচৰা ভি হো গ্যয়া' বুলি কেপশ্বন দিছিল । ফটোখনত, বচ্চনক সেউজীয়া ৰঙৰ এটা টি-চাৰ্ট আৰু ক'লা ট্ৰেক পেণ্ট পিন্ধি থকা দেখা গৈছিল । লগতে এখন ক'লা মাস্ক আৰু মূৰত এখন ডাঠ সেউজীয়া ৰঙৰ কাপোৰ মাৰি থকা দেখা পোৱা গৈছিল । কৰ'ণাৰ দ্বিতীয় ঢৌত বলীউড তাৰকাসকলকে ধৰি লাখ লাখ লোক সংক্ৰমিত হৈছে ।

লগতে পঢ়ক: কোচিত আজি 'টাউতে' ঘূৰ্ণীবতাহে ধুমুহাৰ ৰূপ লোৱাৰ সম্ভাৱনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.