ETV Bharat / sitara

বলীউডত ৫২ বছৰ সম্পূৰ্ণ 'বিগ বি'ৰ

বলীউডৰ তাৰকা অমিতাভ বচ্চনে চলচ্চিত্ৰ উদ্যোগত ৫২ বছৰ সম্পূৰ্ণ কৰাৰ লগে লগে সামাজিক মাধ্যমত সেই স্মৃতি শ্বেয়াৰ কৰিলে অভিনেতাগৰাকীয়ে । ৫২ বছৰ পূৰ্বে মুক্তি পোৱা তেওঁৰ প্ৰথম ছবি 'সাত হিন্দুস্তানী'ৰ এখন ফটো সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে অভিনেতাগৰাকীয়ে ।

Big B
বলীউডত বিগ বিৰ ৫২ বছৰ সম্পূৰ্ণ
author img

By

Published : Nov 7, 2021, 5:09 PM IST

চিটাৰা ডেস্ক,৭ নৱেম্বৰ : বলীউডৰ তাৰকা তথা 'বিগ বি' অমিতাভ বচ্চন অভিনীত ছবি 'সাত হিন্দুস্তানী'ৰ (Saat Hindustani) মুক্তিৰ ৫২ বছৰ সম্পূৰ্ণ । 'সাত হিন্দুস্তানী' আছিল অমিতাভ বচ্চনৰ প্ৰথমখন ছবি । এই বিশেষ মুহুৰ্তত অভিনেতাগৰাকীয়ে ইনষ্টাগ্ৰামত (Instagram) নিজৰ মনৰ ভাৱ প্ৰকাশ কৰে । এক নষ্টালজিক কেপচনৰ সৈতে অভিনেতাগৰাকীয়ে স্মৰণ কৰে ছবিখনৰ মুক্তিৰ দিনটো ।

তেওঁ পোষ্টটোত উল্লেখ কৰা মতে ১৯৬৯ চনৰ ১৫ ফেব্ৰুৱাৰীত তেওঁ ছবিখনৰ বাবে চুক্তিবদ্ধ হৈছিল আৰু ১৯৬৯ চনৰ ৭ নৱেম্বৰত ছবিখনে মুক্তি লাভ কৰিছিল । চলচ্চিত্ৰ উদ্যোগৰ আন আন সহ শিল্পী আৰু অনুৰাগীসকলেও পোষ্টটো লাইক কৰাৰ লগতে বিভিন্ন ধৰণৰ কমেন্ট দিয়ে । অভিনেতা টিস্কা চোপ্ৰাই পোষ্টটোত কমেন্ট কৰি কয় যে ইয়াৰ পৰাই ভাৰতীয় চলচ্চিত্ৰৰ ইতিহাসত এক উজ্জ্বল অধ্যায়ৰ আৰম্ভ হৈছিল ।

অভিনেতা অভিষেক বেনাৰ্জীয়ে কমেন্ট কৰি ১৯৬৯ চনৰ ১৫ ফেব্ৰুৱাৰীৰ দিনটোৰ বাবে ভগৱানক ধন্যবাদ জ্ঞাপন কৰে । বিগ বিৰ জীয়ৰী শ্বেতা বচ্চনেও কমেন্ট হিচাপে হাৰ্ট আইজ (heart eyes) ইম'জি পোষ্ট কৰে ।

উল্লেখ্য যে, শীঘ্ৰেই অমিতাভ বচ্চনক নীনা গুপ্তাৰ সৈতে 'গুডবাই' (Good Bye) ছবিখনত দেখা যাব । সমান্তৰালকৈ ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটৰ সৈতে 'ব্ৰহ্মাস্ত্ৰ'ত (Brahmastra) অভিনয় কৰিছে বিগ বি অমিতাভ বচ্চনে । আনহাতে তেওঁৰ আহিবলগীয়া ছবিবোৰৰ ভিতৰত আছে 'মেডে' (Mayday), 'ঝুণ্ড' (Jhund), 'দ্য ইণ্টাৰ্ন ৰিমেক' (The Intern remake) আদি ।

লগতে পঢ়ক :HAPPY BIRTHDAY অনুস্কা চেট্টী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.