চিটাৰা ডেস্ক, 14 মাৰ্চ : শনিবাৰে কলকাতাত চলি থকা গ্ৰন্থমেলাৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে অভিনেত্ৰী ৰূপা দত্তক ৷ গ্ৰন্থমেলাস্থলীত পকেট মাৰি অতি বুধিয়কৰ কাম কৰিবলৈ যাওঁতেই আৰক্ষীয়ে ধৰা পেলালে (Bengali actor Rupa Dutta latest news) বাংলা অভিনেত্ৰীগৰাকীক ৷ দেওবাৰে এগৰাকী আৰক্ষী অধীক্ষকে সদৰি কৰিলে এই কথা ৷
উত্তৰ বিধান নগৰ থানাৰ এগৰাকী আৰক্ষী বিষয়াই ঘটনা সন্দৰ্ভত জানিবলৈ দিয়া মতে, অভিনেত্ৰী ৰূপা দত্তই কলকাতা গ্ৰন্থমেলাৰ বাকৰিত স্থাপন কৰা এটা ডাষ্টবিনত নিক্ষেপ কৰিছিল এটা বেগ ৷ অভিনেত্ৰীগৰাকীৰ এই কাণ্ড ধৰা পৰে এগৰাকী আৰক্ষী বিষয়াৰ চকুত ৷ এনে কাণ্ডত স্বাভাৱিকতে আৰক্ষী বিষয়াগৰাকীৰ সন্দেহ ওপজাত তেওঁক সোধা-পোছা আৰম্ভ কৰে ৷ আৰক্ষীৰ প্ৰশ্নত থৰকাছুটি হেৰুৱাই ৰূপাই ৷
পৰৱৰ্তী সময়ত মহিলা আৰক্ষীৰ হতুৱাই বেগটোৰ তালাচী চলোৱাত উদ্ধাৰ হয় কেইবাটাও মানিবেগৰ লগতে নগদ 75 হাজাৰ টকা ৷ তাৰপিছতেই অভিনেত্ৰীগৰাকীক থানালৈ লৈ গৈ জেৰা চলাই আৰক্ষীয়ে ৷ আৰক্ষীয়ে সোধ-পোছৰ অন্তত ৰূপা দত্তক পকেটমাৰৰ অভিযোগত গ্ৰেপ্তাৰ কৰে (Actress Rupa Dutta arrested) ৷
অভিনেত্ৰীগৰাকীৰ এনে কাণ্ডত আচৰিত হৈ পৰিছে খোদ আৰক্ষী ৷ অভিনেত্ৰীগৰাকীৰ লগতে এটা দুষ্টচক্ৰ এই পকেটমাৰৰ ঘটনাত জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷ পূৰ্বে বাংলা ছবিজগতৰ এই অভিনেত্ৰী গৰাকীয়ে চিত্ৰ নিৰ্মাতা অনুৰাগ কাশ্যপৰ বিৰুদ্ধে ভূৱা যৌন উৎপীড়নৰ অভিযোগ দাখিল কৰি সংবাদ মাধ্যমৰ চৰ্চালৈ আহিছিল ৷
লগতে পঢ়ক: Prabhas latest news: প্ৰভাসৰ জন্মৰ সময়ত কি ভৱিষ্যৎবাণী কৰিছিল হস্তৰেখাবিদে ?